অসম

উত্তৰ পূৰ্বৰ বিদ্ৰোহী লৈ চীনৰ অস্ত্ৰ সৰবৰাহ, কেন্দ্ৰলৈ সতৰ্ক বাৰ্তা চোৰাংচোৱাৰ সংস্থাৰ…

asomiyapratidin


ডিজিটেল সংবাদ , ৱাখাঃ প্ৰতিবেশী ৰাষ্ট্ৰ চীনে ম্যানমাৰ শ্বিন প্ৰদেশৰ আৰকান বিদ্ৰোহী লৈ অবৈধ ভাৱে মাৰণাস্ত্ৰ সৰবৰাহ কৰি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা আৰু সুস্থিৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাত কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিছে চোৰাংচোৱা সংস্থাই। চীনে আৰকান বিদ্ৰোহী লৈ প্ৰেৰণ কৰা বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উত্তৰ পূৰ্বৰ বিদ্ৰোহীৰ হাতলৈ যোৱাৰ তথ্য লাভ কৰাৰ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰ উদিগ্ন হৈ পৰিছে। কিয়নো চলিত বৰ্ষত নিৰাপত্তা বাহিনীয়ে উত্তৰ পূৰ্বাঞ্চলত মুঠ ৪২৩ টা চীনত নিৰ্মিত অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে।

এই অস্ত্ৰসমূহৰ ভিতৰত এ কে ৪৭ আৰু এম ১৬ ৰাইফল আৰু চীনা পিষ্টল আছে। চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰামতে, ভাৰতৰ উত্তৰ পূৰ্বক অস্থিৰ কৰিব বাবে মিজোৰামৰ সীমান্তত থকা ম্যানমাৰ শ্বিন আৰু ৰাখাইন প্ৰদেশৰ আৰকান আৰ্মীলৈ এই বৃহৎ সংখ্যক মাৰণাস্ত্ৰ যোগান ধৰি আহিছে। উত্তৰ পূৰ্বৰ বিশেষকৈ অসম , মণিপুৰ ,নাগালেণ্ড ,আৰু মিজোৰামৰ প্ৰধান বিদ্ৰোহী গোটে চীনৰ চোৰাংচোৱাৰ সৈতে নিয়মীয়া সম্পৰ্ক ৰক্ষা কৰি আহিছে।

চীনৰ পৰা বিদ্ৰোহীসকলে লাভাম্বিত হোৱা বুলি উল্লেখ কৰি চোৰাংচোৱা সংস্থাই কয় যে উত্তৰ পূৰ্বৰ বিদ্ৰোহীক প্ৰশিক্ষণ আৰু নিৰ্বাসিত বিদ্ৰোহীনেতাক আশ্ৰয় দি ভাৰতৰ বিৰুদ্ধে ডিপ্লমেট সন্ত্ৰাসবাদ আৰম্ভ কৰিছে চীনে । চীনে ইউনান প্ৰদেশৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত সম্প্ৰতি ম্যানমাৰ আৰম্ভ কৰিছে চীন ম্যানমাৰ ইকনমিক ক'ৰিডৰ । সূত্ৰটোৰ মতে অলপতে চীনত নিৰ্মিত এ কে -৪৭ ৰাইফল আৰু মেচিনগান, টেংক বিধবংসী মাইন , গ্ৰেণেড আৰু দহ লাখ গুলি ভৰ্তি বাহন ম্যানমাৰলৈ আনি থকাৰ সময়ত মে ছট জিলাত থাই আৰক্ষীয়ে জব্দ কৰিছিল।

ইয়াৰ পূৰ্বেও ৫০০ এছাল্ট ৰাইফল ,৩০ টা ইনভাৰ্ছেল মেচিন গান আৰু ৭০ হাজাৰ গুলি কঢ়িয়াই অনা এফ -১৬ নামৰ জাহাজ এখন ম্যানমাৰ বাংলাদেশ উপকূলৰ মনাখালিত জব্দ কৰিছিল । চীনত নিৰ্মিত এই অস্ত্ৰখিনি আৰকান বিদ্ৰোহীলৈ সৰবৰাহ কৰা হৈছিল । পিছত এই অস্ত্ৰখিনি দক্ষিণ মিজোৰামৰ পাৰভা ক'ৰিডয়েদি ৰাখাইনলৈ সৰবৰাহ কৰা কথা আছিল ।

জানিব পৰামতে আৰকান বিদ্ৰোহীয়ে ভাৰতৰ কালাডান ট্ৰানপৰ্ট ট্ৰানজিত প্ৰকল্প বিৰোধিতা কৰা বাবে ব্যৱহাৰৰ কৰিব পাৰে বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাই আশংকা কৰিছে । কিয়নো চীনে ইউনান প্ৰদেশৰ উন্নয়ন আৰু বিকাশৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে চীন – ম্যানমাৰ ইকনমিক ক'ৰিডৰ । প্ৰাকৃতিক গেছ আৰু অন্যান্য খনিজ সম্পদত চহকী ম্যানমাৰত ভাৰতৰ উপস্থিতক প্ৰতিহত কৰিব বাবে ৰঙা চীনে এতিয়া আৰকান বিদ্ৰোহী লৈ অস্ত্ৰৰ সৰবৰাহ কৰি উত্তৰ পূৰ্বাঞ্চলৰ অস্থিৰ আৰু অশান্ত কৰিব বিছাৰিছে ।