অসম

ক’ত তুমি মা? তোমাৰ লগত নাথাকো মই পাপা…

asomiyapratidin

● মৃদুল কুমাৰ সন্দিকৈ

কি হৈছিল সেইদিনাঃ

এই দৃশ্য ৩ ছেপ্তেম্বৰ, ২০১৯ৰ!
স্থানঃ কামৰূপ মেট্ৰ'ৰ চাইল্ড ৱেলফেয়াৰ কমিটীৰ কাৰ্যালয়ৰ সন্মুখ।

এজনী ৭ বছৰীয়া কণমানিয়ে এগৰাকী ভদ্ৰ মহিলাৰ কোলাত উঠি কান্দি কান্দি কৈছে- মই নাযাওঁ। ভিডিঅ'টোত বন্দী হোৱা আন দৃশ্য সমূহৰ ভিতৰত ছোৱালীজনীক লৈ দুই পক্ষৰ মাজত টনা আজোৰা হৈছে। ছোৱালীজনীয়ে স্পষ্টকৈ কৈছে- পাপা, মই নাযাওঁ। তুমি ইয়াৰ পৰা আতৰি যোৱা…।

সেই দৃশ্যৰ মাজতে কোনোবাই চিঞৰিছে- তাই দুখ পাব। আৰু তাৰ পাছতে ভিডিঅ'টোত জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে এই ঘটনা সন্দৰ্ভত কিছু কথা কৈছে- 'নমস্কাৰ, মই কল্পনা। মই এতিয়া চি ডব্লিউ চিৰ অফিচত আছো। মোৰ ছোৱালী… মোৰ ভন্টীজনী ৩ তাৰিখে ঢুকাই থাকিলে… কাকলি… বাংগালুৰুত… আৰু তাই এজনী ছোৱালী এৰি থৈ গৈছে… সাত বছৰীয়া ছোৱালী… সাত বছৰীয়া ছোৱালীজনীয়ে মৃত্যুৰ… মাকৰ মৃত্যুৰ শ্বক পাই মোৰ মা অৰ্থাৎ আইতাকৰ ঘৰত আছে… মাহী মাহী বুলি আমাক লৈ আছে… তাই বাপেকৰ ওচৰলৈ যাব নিবিচাৰে। তাই বাপেকক বেয়া নাপায়… কিন্তু তাই শ্বক পাইছে… যাব নিবিচাৰে। আৰু সেই মৰ্মে আমি মাৰ ফালৰ পৰা কাষ্টডীৰ কাৰণে এপ্লাই কৰিলো। কিন্তু আজি চি ডব্লিউ চিৰ কৰ্টত এই ছোৱালীজনী (ছোৱালীজনীক কোলাত লৈ)… বাপেকৰ ওচৰলৈ যাব নোখোজে। মই হিউমেন ৰাইটছক কথা ক'ব খোজো। হিউমেন ৰাইটছ বুলি কিবা কথা আছে নে নাই? ছোৱালীজনী মাইনৰ হ'ব পাৰে… তাই গাৰ্ল চাইল্ড… তাইৰ ইম'শ্যনৰ কিবা ল' আছে নে নাই… ভেল্যু আছে নে নাই… তাই যেতিয়া যাব বিচৰা নাই… আমি কৈছো যে বুজাই বঢ়াই পিছত ভালকৈ পঠাম… কিন্তু… চি ডব্লিউ চিয়ে ডিচিছন দিছে যে হয়তো চাইল্ড হোমত থব নহয় বাপেকক দিব। আমাক নিদিয়ে.. আমি গাৰ্জেন হ'ব নোৱাৰো.. গাৰ্জেনৰ মানে কি? গাৰ্জেনৰ মানে অকল… গাৰ্জেন মানেতো বহুত ডাঙৰ শব্দ… তাইৰ ইম'শ্যনেল বস্তটো মাতৃক হেৰুৱাই শ্বক পাইছে… তাই আমাৰ লগত থাকিব বিচাৰিছে… আমি কৈছো বুজাই বঢ়াই পঠিয়াই দিম… না বাপেকে বুজি পাইছে কথাটো…'

আৰু সেই সময়তে কল্পনা পাটোৱাৰীৰ কোলাত উঠি থকা ছোৱালীজনীয়ে বাপেকক দেখি চিঞৰি চিঞৰি কান্দি কৈছে- যোৱা যোৱা… তুমি ইয়াৰ পৰা যোৱা…। তাৰ পাছতে কল্পনা পাটোৱাৰীয়ে কৈছে- তাই নিশ্চয় মাকৰ মৃত্যুৰ বিষয়ে কিবা দেখা পাইছে…

তাৰ পাছতে আন এগৰাকী মহিলাই পিছফালৰ পৰা নাই পোৱা দেখা বুলি কৈ ছোৱালীজনীক ধৰিবলৈ চেষ্টা কৰোতে পুনৰ ছোৱালীজনীয়ে ফেঁকুৰি উঠিছে। সাত বছৰীয়া ছোৱালীজনীৰ সৈতে সংঘটিত এই ঘটনা আৰু ছোৱালীজনীৰ হৃদয় ভাগি যাব পৰা উচুপনিয়ে যিকোনো লোককে এই ঘটনাক লৈ ভৱাই তুলিব।

সমনীয়াৰ সৈতে দাণ্ডিয়া নৃত্য কণমানিজনীৰ…

পৰৱৰ্তী সময়ত দেউতাকে ছোৱালীজনীক এটা দিনৰ বাবে তেওঁলোকৰ ঘৰলৈ যাবলৈ জোৰ কৰিছে। কিন্তু কোনোপধ্যেই মান্তি হোৱা নাই ছোৱালীজনীয়ে। দেউতাকৰ কোনো কথাই মানি ল'ব নোখোজে এই ছোৱালীজনীয়ে। যি গৰাকী ভদ্ৰ মহিলাৰ কোলাত তাই প্ৰথমে উঠি আছিল, সেই গৰাকী ভদ্ৰমহিলাই ছোৱালীজনীক লৈ সেই কাৰ্যালয়ৰ সন্মুখত এখন চকীত বহি আছিল। কাষত সাত বছৰীয়া ছোৱালীজনীৰ মাতৃৰ মাক অৰ্থাৎ আইতাক।

দেউতাকে যিমানেই বুজনি দিছে, ছোৱালীজনীয়ে কোনোপধ্যেই সেই কথা মানি নলৈ আইতাকৰ হাতখনো টানি আনি খামুছি ধৰিছে। কাষত থিয় হৈ দেউতাকে আজিৰ কাৰণে মহানগৰীৰ চাৰ্ভেত থকা তেওঁলোকৰ ঘৰলৈ যাবলৈ জোৰ কৰিছে যদিও কোনোপধ্যেই তাই মান্তি হোৱা নাছিল।

চাৰ্ভেৰ পাৰ্থ প্ৰতিম মহন্তৰ ঘৰটো…

দেউতাকে কৈছে- তুমি বাংগালুৰু যাব নালাগে। তুমি খালি চাৰ্ভেৰ ঘৰলৈ যাবা। ছোৱালীজনীয়ে উত্তৰ দিছে- নাযাও মই চাৰ্ভেৰ ঘৰলৈ…। আৰু দেউতাকক ছোৱালীজনীয়ে সেই সময়ত উত্তৰ দিছে- তুমি অলৱেজ মিছা কথা কোৱা…। উচুপি থকা ছোৱালীজনীক জোৰেৰে সাৱটি বুকুৰ মাজত লৈ আছে ভদ্ৰ মহিলাগৰাকীয়ে। কাষত কপালত হাত থৈ এই সকলোবোৰ দেখি নীৰৱে উচুপি আছে ছোৱালীজনীৰ আইতাক।

এই দৃশ্যবোৰেই বন্দী হৈছিল ভিডিঅ'টোত। ভিডিঅ'টো কল্পনা পাটোৱাৰীয়ে ফেচবুকৰ নিজৰ পেজ আৰু একাউন্টত দি নেশ্যনেল কমিছন ফৰ প্ৰটেকশ্যন অৱ হিউমেন ৰাইটছ, কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়, মিনিষ্ট্ৰী অৱ অমেন এণ্ড চাইল্ড ডেভলপমেন্ট, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্মৃতি ইৰাণীলৈ টেগ কৰিছে।

লগতে তেওঁ লিখিছিল- 'ASCPCR ৰ Chair Person আৰু CWC ৰ কৰ্মকৰ্তা সকলৰ দাৰা আইন কানুনৰ দোহাই দি এগৰাকী সদ্য মাতৃহাৰা কন্যা শিশুৰ মানসিক আৱেগ অনুভূতিক আওঁকান কৰি সেই দূৰ্ভগীয়া কন্যা শিশুটিক যি মানসিক আৰু শাৰীৰিক নিৰ্যাতন দিয়া হ'ল, তাক দেখিলে এনে লাগে "মাতৃ", "শিশু সুৰক্ষা" কেৱল আইন কানুন আৰু ক্ষমতাৰ হাতোৰাৰ মাজত হেৰাই গৈ 'মানৱীয়তা', 'শিশু সুৰক্ষা', 'কন্যাশিশু', 'মাতৃস্নেহ' আদি সকলো সুন্দৰ শব্দক যেন উপলু‍‍ঙা কৰা হৈছে।'

৪ মিনিট ১৬ ছেকেণ্ডৰ এই ভিডিঅ'টো ৬ অক্টোবৰ, ২০১৯ত ছ'চিয়েল মিডিয়াত ৰাজহুৱা কৰিছিল কল্পনা পাটোৱাৰীয়ে।

তাৰ পাছত কি হ'লঃ

৩ অক্টোবৰ, ২০১৯ত 'আছাম ষ্টেট কমিশ্যনৰ ফ'ৰ প্ৰটেকশ্যন অৱ চাইল্ড ৰাইট' চমুকৈ এএছচিপিচিআৰ-য়ে এই ৭ বছৰীয়া ছোৱালীজনীক দেউতাকৰ হাতত গতাই দিবলৈ নিৰ্দেশ দিছিল ছোৱালীজনীৰ মাতৃৰ পৰিয়ালক। সেই সময়তে সৃষ্টি হোৱা পৰিৱেশৰ দৃশ্য আছিল সেয়া।

এএছচিপিআৰচিৰ কিছু কৰ্মকৰ্তাক এই দৃশ্যই আবেগিক কৰি তুলিছিল। ড০ সুনীতা চাংকাকতি, ৰাজীৱ কুমাৰ ঝা, ড০ নিলীমা গোস্বামীকে ধৰি বহু অভিজ্ঞ লোকে কিন্তু এই ৭ বছৰীয়া কণমানিজনীয়ে কিয় দেউতাকৰ ওচৰলৈ যাব বিচৰা নাছিল সেই কথা হৃদয়ংগম কৰিব পৰা নাছিল।

কণমানিজনীক মাতৃৰ বিয়োগৰ পাছত যোৱা এমাহ ধৰি চোৱা চিতা কৰা আইতাকৰ পৰিয়ালৰ অভিযোগ মতে, তেওঁলোকে ছোৱালীজনীত দেউতাকৰ সৈতে নপঠিয়ালে শিশুৰ অনাথ আশ্ৰমত থোৱাৰ ব্যৱস্থা কৰিব বুলি এক প্ৰকাৰৰ ভাবুকি প্ৰদান কৰিছিল। কিন্তু এই ভাবুকিকো আইতাকৰ পৰিয়ালে গুৰুত্ব নিদি শিশুটিয়ে কিয় দেউতাকৰ সৈতে যাব বিচৰা নাই সেই কথা পুনৰ বিবেচনা কৰিবলৈ এএছচিপিআৰচিক অনুৰোধ কৰিছিল।

সুখৰ এক মুহূৰ্তত পিতৃ-মাতৃৰ সৈতে কণমানিজনী…

৫ বাজিল, আমি যাব লাগে বুলি কৈয়েই এই সিদ্ধান্ত শুনোৱা একাংশ কৰ্মকৰ্তাই সেই পৰিৱেশ এৰাই চলিব বিচাৰিছিল বুলি আইতাকৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছিল। কিন্তু তাৰ মাজতে শিশুটিৰ আৰ্তনাদ শুনি ৰাজলক্ষ্মী দেউৰীৰ দৰে কিছুজনৰ হৃদয় ভাগি পৰিছিল।

কোনোপধ্যেই আইতাকৰ ঘৰখন এৰি পিতৃৰ সৈতে যাব নিবিচৰা এই শিশুটিক শেষ মুহূৰ্তত আইতাকৰ লগতে পঠিয়াই দিয়া হৈছিল।

হঠাৎ অসুস্থ হৈ পৰিল এই কণমানিজনীঃ

দেউতাকৰ সৈতে নাযাও বুলি কন্দা কটা কৰি আইতাকৰ সৈতে গুছি আহিছিল কণমানিজনী। কিন্তু ৰাতি অস্বাভাৱিকভাৱে চিঞৰ বাখৰ কৰিছিল কণমানিজনীয়ে। এমাহৰ পূৰ্বে মাতৃক হেৰুওৱাৰ পাছত ৩ অক্টোবৰৰ এই অভিজ্ঞতাই এই কণমানিজনীক শাৰিৰীক আৰু মানসিকভাৱে যেন ভাগি পেলালে।

শুই থকা অৱস্থাতে ভয়ত চিঞৰি উঠা কণমানিজনীক লৈ যোৱা হৈছিল মহানগৰীৰৰ এখন হাস্পতাললৈ। তালৈকে আহিছিল কণমানিজনীৰ পিতৃ। আইতাক আৰু পৰিয়ালৰ লোকে কণমানিজনীৰ স্বাস্থ্যৰ অৱনতি দেখি উদ্বিগ্ন গৈ পৰিছিল। হঠাৎ ভয়ত উচপ খাই উঠে এতিয়া এই কণমানিজনী।

মাতৃৰ সৈতে এক অন্তৰংগ মুহূৰ্তত…

চিকিৎসকৰ পৰামৰ্শ আৰু দুই পৰিয়ালৰ মাজত হোৱা আলোচনামৰ্মে অৱশেষত পিতৃয়েও কণমানিজনীক আইতাকৰ লগতে থকাটো মানি ল'লে। কিন্তু এই কণমানিজনীক নিজৰ কব্জালৈ নিবৰ বাবে ৩ অক্টোবৰ, ২০১৯ত তাইৰ মানসিক অৱস্থাক গুৰুত্ব নিদি কেৱল আইনৰ দোহাই দি যি টনা আজোৰা চলিছিল সেই পৰিস্থিতিয়ে কণমানিজনীক অসুস্থ কৰি তুলিলে।

কেনেকৈ মৃত্যু হৈছিল কণমানিজনীৰ মাতৃৰ?

এই কণমানিজনীৰ মাতৃৰ নাম কাকলি পি মহন্ত। মহানগৰীৰ চাৰ্ভেৰ ড০ কে চি মহন্তৰ পুত্ৰ পাৰ্থ প্ৰতিম মহন্তলৈ বিয়া হৈছিল কাকলি। সুকণ্ঠী গায়িকা কল্পনা পাটোৱাৰীৰ ভগ্নী আছিল তেওঁ। ৩ ছেপ্তেম্বৰ, ২০১৯ত নিশা ১ বজাত কাকলিৰ মাতৃৰ ঘৰলৈ এটা ফোন আহিছিল।

মোবাইলত বাংগালুৰুত থকা কাকলি পি মহন্তৰ স্বামী অৰ্থাৎ জোঁৱায়েক পাৰ্থ প্ৰতিম মহন্তই জনাইছিল- হঠাৎ মৃত্যু হৈছে কাকলিৰ। দীৰ্ঘদিন ধৰি বাংগালুৰুত থকা কাকলিৰ মৃত্যুৰ খবৰ এইদৰে পাইছিল তেওঁৰ মাতৃৰ পৰিয়ালে।

পিতৃৃ-মাতৃ আৰু আত্মীয় স্বজনৰ সৈতে কণমানিজনীৰ জন্মদিন উদযাপন কৰাৰ মুহূৰ্তত

পুৱতি নিশা এই খবৰ দিওতে লগতে জানিবলৈ দিছিল যে মুখেৰে ফেন ওলাই হঠাৎ অসুস্থ হৈ পৰিছিল কাকলি। কিন্তু পাৰ্থ প্ৰতিমৰ কথা সঁচা বুলি মানি ল'ব নোৱাৰিলে কাকলিৰ পৰিয়ালে। ৰহস্যজনক এই মৃত্যু সন্দৰ্ভত ইতিমধ্যে কাকলিৰ মাতৃ পৰিয়ালে দাখিল কৰিছে এজাহাৰ।

কাকলিৰ পৰিয়ালে জানিবলৈ দিয়া মতে, নিশা ১০ বজালৈকে হোৱাটছএপত পৰিয়ালৰ আন সদস্যসকলৰ সৈতে যোগাযোগ ৰাখিছিল তেওঁ। কিন্তু হঠাৎ কি পৰিস্থিতিত কাকলিৰ মৃত্যু হ'ল সেয়া তেওঁলোকৰ বাবে এতিয়াও ৰহস্য হৈয়েই আছে।

প্ৰথম খবৰ দিওতে কাকলিৰ মৃত্যু সন্দৰ্ভত স্বামীয়ে যিখিনি কথা কৈছিল, সেই কথা পৰৱৰ্তী সময়ত সলনি কৰিছে বুলিও পৰিয়ালটোৱে দাবী কৰিছে। তাৰ পাছতে নাতিনীয়েকক লৈ আনিছিল আইতাকে।

আইতাকৰ ঘৰলৈ গৈছিল চাইল্ড লাইনৰ কৰ্মকৰ্তাঃ

আইতাকৰ পৰিয়ালে লক্ষ্য কৰিছিল ৭ বছৰীয়া এই ছোৱালীজনীয়ে প্ৰায়ে অস্বাভাৱিক আচৰণ কৰে। পিতৃৰ সৈতে বহু ঘনিষ্ঠ আৰু অন্তৰংগ মুহূৰ্ত কটোৱা কণমানিজনীয়ে পিতৃৰ নাম শুনিবই নিবিচাৰে। অথচ পিতৃ পাৰ্থ প্ৰতিম মহন্তৰ ফেচবুক একাউন্টত তেওঁৰ কন্যাৰ সৈতে আছে সুখৰ দিনৰ বহু ভাললগা স্মৃতি।

পিতৃৰ সৈতে…

মাতৃৰ বিয়োগৰ পাছত কণমানিজনীৰ এই আচৰণ আৰু মানসিক অস্থিৰতাক সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিছিল আইতাকৰ পৰিয়ালে। সেয়েহে আইতাকৰ পৰিয়ালে ভাৱিছিল পিতৃয়ে বিচৰাৰ দৰে এদিন বুজাই বঢ়াই তেওঁলোকে ছোৱালীজনীক গতাই দিব পিতৃৰ হাতত।

১ অক্টোবৰ, ২০১৯। কাকলি পি মহন্তৰ মাতৃগৃহত সেইদিনা কাকলিৰ মৃত্যুৰ প্ৰথম মাহ উপলক্ষ্যে এক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই অনুষ্ঠান চলি থকাৰ মাজতে কল্পনা পাটোৱাৰীৰ মাতৃগৃহ অৰ্থাৎ কণমানিজনীৰ আইতাকৰ ঘৰত উপস্থিত হৈছিল চাইল্ড লাইনৰ কেইজনমান কৰ্মকৰ্তা।

তেওঁলোকে পৰিয়ালটোক জানিবলৈ দিছিল যে এই কণমানিজনীক উদ্ধাৰ কৰিবলৈ আহিছে চাইল্ড লাইনৰ দলটো। এই কথা শুনি হতভম্ব হৈ পৰিছিল আইতাকৰ পৰিয়াল। তেওঁলোকে ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে পৰৱৰ্তী সময়ত সেই সন্দৰ্ভত কথা পাতিব বুলি জনাই চাইল্ড লাইনৰ দলটোক উভতাই পঠিয়াইছিল।

তাৰ পাছতে ৩ অক্টোবৰ, ২০১৯ত ছোৱালীজনীক নিজৰ লগত ৰাখিবলৈ আইতাকৰ পৰিয়ালে আবেদন জনাইছিল। আৰু তেতিয়াই সৃষ্টি হৈছিল এই পৰিস্থিতিৰ।

পিতৃৰ সৈতে এদিন এনেকৈয়ে কটাইছিল ক্ষণ…

ঘটনা সন্দৰ্ভত কি ক'লে কল্পনা পাটোৱাৰীয়েঃ

এই ঘটনাৰ বিষয়ে জানিবলৈ যোগাযোগ কৰা হৈছিল কল্পনা পাটোৱাৰীৰ সৈতে। বৰ্তমান তেওঁলোকৰ সৈতে অৰ্থাৎ আইতাকৰ লগত (কাকলিৰ মাতৃ) কণমানিজনী থকা বুলি জনালে তেওঁ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰি কল্পনা পাটোৱাৰীয়ে কয়, 'এই সৰু ছোৱালীজনী দেউতাকৰ সৈতে কিয় যাব বিচৰা নাই সেয়া এক গুৰুত্বপূৰ্ণ বিষয়।

ছোৱালীজনীক ভাষ্য লোৱাৰ নামত তাইৰ আবেগ অনুভূতিৰ প্ৰতি কোনো গুৰুত্ব দিয়া হোৱা নাছিল। জোৰকৈ তাইক দেউতাকৰ লগত পঠিয়ালে তাইৰ অধিকাৰ আৰু সুৰক্ষা কেতিয়াও নিশ্চিত নহয়। আমি বাৰে বাৰে কৈছিলো যে বুজাই বঢ়াই তাইক দেউতাকৰ ওচৰলৈ পঠিয়াই দিম। কিন্তু এই কথাত কোনোৱেই গুৰুত্ব দিয়া নাছিল।

মঞ্চত কল্পনা পাটোৱাৰীৰ সৈতে কণমানিজনী…

শিশুৰ সুৰক্ষা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ নামত এনে কিমান শিশুক অধিকাৰ আৰু সুৰক্ষাৰ পৰা বঞ্চিত কৰা হয়, সেই সন্দৰ্ভত সঠিক পৰ্যালোচনা হ'ব লাগে। এয়া কেৱল ক্ষমতাৰ কথা নহয়। শিশুৰ মনস্তাত্বিক বিষয়ৰ প্ৰতিও গুৰুত্ব দিবলগা বহু কথা আছে।

মাতৃক হেৰুওৱাৰ পাছত তাইৰ মনৰ ভিতৰক কিবা এটা ভয় আছিল। আৰু সেই দিনাৰ এই ঘটনাই তাইক অধিক ভয় খুৱালে। আমি হাস্পতাললৈ নিব লগা হ'ল তাইক। সপোনত চিঞৰিছিল। এইদৰে শিশুক মানসিক আৰু শাৰিৰীক নিৰ্যাতন কৰাৰ অধিকাৰ কাকোৱে দিয়া হোৱা নাই।'

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লগতে কল্পনা পাটোৱাৰীয়ে আৰু যাতে শিশুৱে এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। তেওঁ আচৰিত হয়, মাতৃৰ বিয়োগৰ পাছত আইতাকৰ ঘৰত থকা কণমানিজনীক উদ্ধাৰ কৰিবলৈ চাইল্ড লাইনৰ লোক কিয় আহিব লগা হ'ল?

এই কণমানিজনীৰ জীৱনৰ সৈতে ঘটা এই ঘটনাই বহু কথা কৈ যায়। হঠাৎ নামি অহা এই ধুমুহাই তাইক বিধ্বস্ত কৰিলেও তাই কাষত আছে আইতাক আৰু আইতাকৰ পৰিয়াল। কণমানিজনীৰ প্ৰতি পিতৃৰ প্ৰেম আৰু পিতৃৰ প্ৰতি কণমানিজনীৰ এই আক্ৰোশ কিয়, সেয়াও কিন্তু এৰাই চলিব নোৱাৰি। কিন্তু সকলোৱে ভাৱে, সুৰক্ষিত হ'ব লাগে কণমানিজনীৰ ভৱিষ্যত। প্ৰয়োজনত সকলোৱে এৰা ধৰা কৰক!