অসম

পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ পথৰ দুৰৱস্থাৰ বাবে নগাঁও জিলাৰ কামপুৰত আধা বাটতে এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

প্ৰাপ্ত বাতৰি মতে, কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰিৰ এগৰাকী মহিলাই প্ৰসৱ বেদনাত ছটফটাই থকাত পৰিয়ালৰ লোকসকলে চিকিসালয়লৈ নিবলৈ যো-জা চলায়।

অঞ্চলটোৰ জৰাজীৰ্ণ পথৰ বাবে এম্বুলেন্স আহিব নোৱৰাত যন্ত্ৰণাৰ মাজতো কিছু দূৰ খোজকাঢ়ি যাবলৈ বাধ্য হয়  মহিলাগৰাকী। সেই সময়তে পথটোতে মহিলাগৰাকীয়ে এটি সন্তানৰ জন্ম দিয়ে।

উল্লেখ্য যে, কপিলীৰ খহনীয়াত বিগত সময়ছোৱাত বকুলগুৰিক চুই যোৱা যমুনামুখ কার্বি আংলং সংযোগী গড়কাপ্টানী পথছোৱা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। চাৰিচকীয়া গাড়ী যাবলৈ কোনো অৱস্থাই নথকা এই পথটোৰে স্থানীয় লোকসকলে খোজকাঢ়িহে অহা-যোৱা কৰিবলগীয়াত পৰিছে।

পথটো মেৰামতি কৰিবলৈ অঞ্চলবাসীয়ে চৰকাৰক দাবী জনাই আহিছে যদিও বিষয়টোক লৈ কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। এনে পৰিপ্ৰেক্ষিততে আজি এনেদৰে পথৰ ওপৰতে সন্তান জন্ম দিবলৈ বাধ্য হৈ পৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।