অসম

চিলাৰায় জাতীয় বিদ্যালয়ৰ ১৮তম প্ৰতিষ্ঠা দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাওঁঃ উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ৰ ১৮তম প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে শুকুৰবাৰে উদযাপন কৰা হয় ৷ ৰাতিপুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ চৰিফউদ্দিন আহমেদে ৷ ছহিদ বেদীত মাল্যৰ্পণ কৰে ৰেক্টৰ কেশৱ ৰায়ে ৷ তাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় ৷

মুকলি সভাত মূখ্য অতিথিৰ আসন গ্ৰহণ কৰে বিশিষ্ট সাংবাদিক ৰঞ্জিত শৰ্মাই ৷ বৃহত্তৰ উত্তৰ শালমাৰা অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত চিলাৰায় জাতীয় বিদ্যালয়ে লোৱা অগ্ৰণী ভূমিকাৰ কথা প্ৰশংসা কৰে ৷ সভাত তুলুঙীয়াৰ দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰাজু চুব্বাই পঢ়া-শুনাৰ লগতে সাংস্কৃতিক আৰু খেল-ধেমালিৰ ক্ষেত্ৰতো সমানে আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনায় ৷ তাৰপিছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত জি টিভিৰ লিটল চেম্পছ'ত অংশ লোৱা কণমাণি শিল্পী লুনা দেৱী আৰু কোকৰাঝাৰৰ প্ৰীতম কোচে গীত পৰিৱেশন কৰে৷