অসম

দুদিনীয়া কাৰ্যসূচীৰে মাজ-জাখিলীত ৫০৯ তম কেন্দ্ৰীয় মহাবীৰ চিলাৰায় দিৱস পালন

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক, নহয় চৰকাৰে চৰম পৰিণতি ভোগ কৰাৰ বাবে সাজু থাকক।- এই হুংকাৰ সদৌ কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ। গোৱালপাৰা জিলাৰ মাজ-জাখিলীত সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৫০৯ তম কেন্দ্ৰীয় মহাবীৰ চিলাৰায় দিৱস আৰু জিলা আক্ৰাছুৰ বাষিক সাধাৰণ সভাৰ সামৰণি দিনা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সংকল্পবদ্ধ হল কোঁচ ৰাজবংশীৰ বিভিন্ন দল সংগঠন।

চৰকাৰে অতি শীঘ্ৰে কোঁচ ৰাজবংশীসকলৰ লগতে আন পাঁচটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিলে চৰকাৰে চৰম পৰিণতিৰ বাবে সাজু থাকক বুলি শেষ বাৰৰ বাবে সকীয়াই দিয়ে আক্ৰাছুয়ে ৷ ইফালে মঙলবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে এক বিশাল জাতি-জনগোষ্ঠীয় বাৰেবৰেণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বিভিন্ন আৰ্হিৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে উৎসৱমূখৰ পৰিৱেশে বিৰাজ কৰে মাজ-জাখিলিত ৷