অসম

চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ লগতে চিলাপথাৰ আৰু জোনাইত কেইবাদিনো ধৰি বৃহস্পতিবাৰলৈ হৈ থকা নেৰানেপেৰাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা বাঢ়নীৰ পানীয়ে চিলাসূতি অঞ্চলত চিলাপথাৰ-জোনাই সংযোগী অঞ্চলত বানত ২৫ টাকৈ ৩৩ কে.ভি বিদ্যুতৰ খুটা বাগৰি পৰে। ফলত জোনাইত বৰ্তমানেও বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ৷

জিলাখনৰ বিদ্যুৎ পৰিষদৰ কৰ্মী সকলে এই পৰ্যন্ত কোনো নিৰ্মাণ কৰা পৰিলক্ষিত হোৱা নাই ।সেয়ে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দ্বিপানজিত লাহনে চিলাপথাৰ-জোনাই বিদ্যুৎ সংযোগী খুটাবোৰ পুনৰ নিৰ্মান কৰি বিদ্যুৎ সেৱা ব্যৱস্থা কৰিবলৈ ধেমাজি জিলা উপায়ুক এখনি স্মাৰক প্ৰ্ত্ৰ প্ৰদান কৰে৷