অসম

ৰঙালী বিহুত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণঃ কোন মন্ত্ৰীক কি দায়িত্ব দিলে হিমন্ত বিশ্বই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত চলি আছে বিহু নৃত্যৰ আখৰা। ঢোল পেঁপা গগণা তাল আদিৰ শব্দত মুখৰিত হৈছে সৰুসজাই ষ্টেডিয়ামৰ বাকৰি।

ঢুলীয়া ডেকাৰ ঢোলৰ চেৱত ককাঁল ভাঙিছে ১১ হাজৰ বিহুৱতীয়ে। অহা ১৪ এপ্ৰিলত সৰুসজাইত ৰাজ্য় চৰকাৰৰ উদ্য়োগত আয়োজন কৰা হ'ব বহাগ বিহু। ১১ হাজাৰ বিহু নৃত্যশিল্পীয়ে অংশ ল'ব এই অনুষ্ঠানত।

বিশ্ববাসীৰ সন্মুখত অসমৰ বাপতি সাহোন বিহুক প্ৰতিষ্ঠা কৰাই ইয়াৰ মূল লক্ষ্য। হয়তো গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ব পাৰে এই ১১ হেজাৰ বিহুনৃত্য শিল্পীয়ে একেলগে একেখন অনুষ্ঠানত একেলগে কৰিবলগীয়া বিহুনৃত্য প্ৰদৰ্শন অনুষ্ঠান।

জানিব পৰা মতে উক্ত অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ। সৰুসজাইত বিহু চাবৰ বাবে আমন্ত্ৰণ কৰিব দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰীসকলক বিভিন্ন ৰাজ্য মুখ্যমন্ত্ৰীসকলক নিমন্ত্ৰণ জনাবলৈ দায়িত্ব অৰ্পণ কৰিছে।

হাতত পাণ-তামোলৰ বটাঁ লৈ সাজু হৈছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,পিযুষ হাজৰিকা,ৰণজিৎ দাস,পৰিমল শুক্লবৈদ্য,অজন্তা নেওগ,অতুল বৰা আদি মন্ত্ৰীসকল। জয়ন্ত মল্ল বৰুৱাই হাৰিয়ানা, পঞ্জাব, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, চণ্ডীগড় আৰু হিমাচল প্ৰদেশৰ মুখমন্ত্ৰীক নিমন্ত্ৰণ জনাব বিহু চাবলৈ।

পিযুষ হাজৰিকা যাব গুজৰাট, ৰাজস্থান, দাদৰানগৰ হাবেলী, দমন ডিউৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জানাবলৈ। কেৰালা আৰু লক্ষদ্বীপৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণী শৰাই আগবঢ়াব ৰণজিৎ কুমাৰ দাসে।

আনহাতে অতুল বৰাৰ দায়িত্ব পৰিছে বিহাৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক বিহু চাবলৈ মতাৰ। পৰিমল শুক্ল বৈদ্যই আমন্ত্ৰণ জনাব দিল্লীৰ মুখ্য়মন্ত্ৰীক। উৰ্খাও গৌৰা ব্ৰহ্ম যাব মণিপুৰৰ মুখ্যমন্ত্ৰীক বিহু চাবলৈ মতাৰ বাবে।

চন্দ্ৰমোহন পাটোৱাৰী যাব অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈ। মন্ত্ৰী কেশৱ মহন্ত যাব ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ, লাডাখৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণৰ বাবে। ডা০ ৰণোজ পেগুৱে আমন্ত্ৰণ জনাব আন্দামান নিকোবৰ, তামিলনাডু আৰু পডুচেৰীৰ মুখ্যমন্ত্ৰীক।

অশোক সিংহাল যাব গোৱা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। যোগেন মহন যাব মেঘালয়। সঞ্জয় কিষাণ যাব ত্ৰিপুৰা। অজন্তা নেওগ যাব উৰিষ্যা আৰু পশ্চিমবংগ। বিমল বৰা যাব ছত্তিশগড় আৰু মধ্যপ্ৰদেশ। অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণী শৰাই আগবঢ়াব নন্দিতা গাৰ্লোছাই।