অসম

গৃহৰাজ্যত উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ শপত গ্ৰহণৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে অসমত ভৰি থয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। দুপৰীয়াৰ ভাগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে দেশৰ মুখ্য ন্যায়াধীশগৰাকীক আদৰণি জনায় ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰৰ হৈ মুখ্য ন্যায়াধীশ গগৈক আদৰণি জনায় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ লগতে আৰক্ষীৰ কেবাগৰাকী উচ্চপদস্থ বিষয়াই।

উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত দেশৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিছিল অসম সন্তান গগৈয়ে। শপত গ্ৰহণৰ পূৰ্বেও অসমত থকা নিজ গৃহলৈ আহিছিল মুখ্য ন্যায়াধীশ গগৈ।