chess championship
chess championship chess championship
অসম

গুৱাহাটীত সফল সমাপ্তি বাচনি দবা প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সফল সমাপ্তি ঘটিল জুনিয়ৰ আৰু মহিলা দবাৰুৰ বাচনি প্ৰতিযোগিতা। যোৱা ৮ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰ লৈ বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলত গুৱাহাটী দবা সন্থাই অনুষ্ঠিত কৰে জুনিয়ৰ আৰু মহিলা দবাৰুৰ বাচনি প্ৰতিযোগিতা ।

এই প্ৰতিযোগিতাৰ পৰাই গুৱাহাটী দবা সন্থাই যোৰহাটত অনুষ্ঠিত হ'ব লগা সদৌ অসম আন্ত:জিলা জুনিয়ৰ আৰু মহিলা শাখাত গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকলক বাচনি কৰা হৈছে । উল্লেখ্য যে এই প্ৰতিযোগিতাখন অনুৰ্ধ্ব ৭ বছৰ, অনুৰ্ধ্ব ৯ বছৰ, অনুৰ্ধ্ব ১১ বছৰ, অনুৰ্ধ্ব১৩ বছৰ, অনুৰ্ধ্ব ১৫ বছৰৰ ল'ৰা আৰু ছোৱালী উভয় শাখাৰ লগতে মহিলাৰ শাখাত অনুষ্ঠিত হৈছিল ।

অনুৰ্ধ্ব ৭ বছৰ ল'ৰা শাখাত প্ৰাচুৰ্য্য চাংমায়ে ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । পাৰ্থিৱ শংকৰছানাই ২ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে । অনুৰ্ধ্ব ৭ বছৰ ছোৱালী শাখাত ধান্যতা গোস্বামীয়ে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । আব্ৰি নাইলা বৰাই ২ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে । আৰ্য জৈন আৰু শ্বানায়া ভৌমিকে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

অনুৰ্ধ্ব ৯ বছৰ ল'ৰা শাখাত, আৰোহনে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । কৃষ্ণাভ মৃণ্ময় হাজৰিকাই ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে । ৰজত বাফনা আৰু নীহাৰ দাসে ক্ৰমে ৩ পইণ্ট আৰু ২.৫ পইণ্টকৈ সংগ্ৰহ কৰি তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে ।

অনুৰ্ধ্ব ৯ বছৰ ছোৱালী শাখাত ৰিতিশা মাইৰা ৰাজবংশীয়ে ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । সৃষ্টি ৰূপা ৰয় আৰু আয়ুস্মিতা পল উভয়ে ৩ পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।

অনুৰ্ধ্ব ১১ বছৰ ল'ৰাৰ শাখাত তন্ময় ৰাজবংশীয়ে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । জগজিত সিনহাই ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে । জয়ৰাজ বৰ্মন আৰু এমিল বৰগোহাঞিয়ে ৩ পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ।

অনুৰ্ধ্ব ১১ বছৰ ছোৱালী শাখাত তমন্না শৰ্ম্মাই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । হৃদিকা দাসে ২ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে ।

অনুৰ্ধ্ব ১৩ বছৰ ল'ৰাৰ শাখাত হিমানীশ শৰ্ম্মাই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । শুভাঙ্গ প্ৰান কাশ্যপে ৩.৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। প্ৰিয়ানুজ দাসে ৩ পইণ্ট লাভ কৰি তৃতীয় স্থান আৰু সুহান পতিয়ে ১.৫ পইণ্টেৰে চতুৰ্থ স্থান লাভ কৰে ।

অনুৰ্ধ্ব ১৩ বছৰ ছোৱালী শাখাত আফশ্বীন আফশ্বা জামানে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । ইক্ষিতা বৰ্মনে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান আৰু ডেইজী দত্তই ৩ পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে ।

অনুৰ্ধ্ব ১৫ বছৰ শাখাত শুভম ভট্টাচাৰ্যই ৩.৫ পইণ্টেৰে প্ৰথম স্থান অধিকাৰ কৰে । নলীনাক্ষ কাশ্যপে ২.৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে । মহিলা শাখাত ৰিচা বুজৰবৰুৱাই ২.৫ অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে । শিৱাঙ্গী প্ৰিয়া কাশ্যপেও ২.৫ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে । শিখামনি কলিতা আৰু স্তুতি শৰ্ম্মাই ২ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ।

প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত হৈছিল। মুঠ ৪৩ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখন ফিডে আৰ্বিটাৰ চেলিনা মাচুমে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰে । চিৰৰঞ্জন ভূঞা আৰু প্ৰয়াগ হাজৰিকাই ডেপুটি আৰ্বিটাৰ হিচাপে তেওঁক সহযোগ কৰে । গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথ প্ৰতিযোগিতাৰ ডাইৰেক্টৰ আছিল ।

১১ ছেপ্টেম্বৰত ছাউথ পইণ্ট স্কুলত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । প্ৰণৱ কুমাৰ নাথে আঁত ধৰা সভাত ইশা গাঙ্গৱাল, সভাপতি, জে চি আই, গুৱাহাটী হুনাৰ অতিথি হিচাপে উপস্থিত থাকে । গুৱাহাটী দবা সন্থাৰ কোষাধ্যক্ষ কুশল বাগাড়ীয়া, যুটীয়া সম্পাদক চিৰৰঞ্জন ভূঞা সভাত উপস্থিত থাকে । প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ সভাত ইশা গাঙ্গৱাল, সভাপতি, জে চি আই, গুৱাহাটী হুনাৰ, ৰাজেশ গাঙ্গৱাল, চেলীনা মাচুম, প্ৰয়াগ হাজৰিকা, চিৰৰঞ্জন ভূঞা আৰু প্ৰশিক্ষক হোমেন ৰাভাই বিতৰণ কৰে ।