অসম

''জ্ঞান সৌৰাং বিথাংকী" আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক চেক বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- বিটিআৰৰ চাৰি জিলা ক্ৰমে কোকৰাঝাৰ,চিৰাং, বাকছা আৰু ওদালগুৰীত বুধবাৰে "জ্ঞান সৌৰাং বিথাংকী" আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক পাঁচ হাজাৰ টকাকৈ অনুদানৰ চেক বিতৰণ কৰা হয় । উল্লেখ্য যে বিটিআৰৰ ৪৬ টা সমষ্টিৰ প্ৰতিটো সমষ্টিৰ পৰা ২০০ জনকৈ ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে ৫০০০ টকাকৈ জ্ঞান সৌৰাং বিথাংকী" আঁচনিৰ অধীনত প্ৰদান কৰি আহিছে।

সেই অনুসৰি আজি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই আনুষ্ঠানিকভাৱে ছাত্ৰ-ছাত্ৰীক পাঁচ হাজাৰ টকাৰ চেক প্ৰদান কৰি "জ্ঞান সৌৰাং বিথাংকী" আঁচনিৰ শুভাৰাম্ভ কৰে ।

ইপিনে অনুষ্ঠানৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই কয় যে সূতা -কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰে জনসাধাৰণ উপকৃত হোৱাকৈ আঁচনিসমুহ ৰূপায়ন কৰিছে । বিটিচি চৰকাৰে লোৱা প্ৰতিখন আঁচনিয়েই জনমুখী বুলি অভিহিত কৰি অচিৰেই ৩৮০০ টা আত্মসহায়ক গোটলৈ ২৫ হাজাৰ টকাকৈ আৰু মন্দিৰ উন্নয়নৰ নামত দুইলাখকৈ আৰ্থিক অনুদান দিয়া হ'ব বুলি মন্তব্য কৰিছে।

বিটিআৰ শান্তি চুক্তিৰ পিছতে অঞ্চলটোত অৰ্থনীতি উন্নয়ন ত্বৰাম্বিত হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োই । আজিৰ অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ মনোনিত সদস্য মাধৱ ছেত্ৰী , বিটিআৰৰ শিক্ষা বিষয়া জে পি ব্ৰহ্ম সহিতে শিক্ষা বিভাগৰ বিষয়াসকল , ইউপিপিএলৰ নেতা-কৰ্মীসকল , ছাত্ৰ -ছাত্ৰী আৰু একাংশ অভিভাৱক উপস্থিত থাকে ।