অসম

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ কৌশল বিকাশ, স্ব-নিয়োজনৰ পথ প্ৰদৰ্শনৰ প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চেঙাস্থিত মধ্যকামৰূপ মহাবিদ্যালয়ত যোৱা ২২ নবেম্বৰৰ পৰা তিনিদিনীয়াকৈ প্ৰধানমন্ত্ৰী যুৱ যোজনাৰ অধীনত আৰু গুৱাহাটীস্থিত উদ্যোমিতা আৰু বিকাশ মন্ত্ৰণালয়ৰ উদ্যোগত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ কৌশল বিকাশ, স্ব-নিয়োজনৰ পথ প্ৰদৰ্শন"ৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত প্ৰশিক্ষণ শিবিৰৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। উল্লেখ্য যে, মধ্য কামৰূপ মহাবিদ্যালয় আৰু আই আই ই (IIE) গুৱাহাটীৰ মাজত যোৱা ৬ জুলাইত পাঁচ বছৰৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।

এই চুক্তিৰ প্ৰথম পদক্ষেপ হিচাপে বৃহত্তৰ চেঙা-বহৰি অঞ্চলৰ ৩৫ গৰাকী যুৱক-যুৱতীক স্ব-নিয়োজন তথা স্বাৱলম্বীতাৰ বিভিন্ন কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে- দীপাংকৰ ভট্টাচাৰ্য, জীতেন কলিতা, দিলীপ দাস, প্ৰশান্ত গোস্বামী আদি বিশিষ্ট ব্যক্তিসকলে। আনহাতে, প্ৰধানমন্ত্ৰী যুৱ যোজনাৰ ৰাজ্যিক সমন্বয়ক নমিতা দাসে তিনিওদিনৰ কাৰ্য্যসূচীত উপস্থিত থাকে। অনুষ্ঠানটোৰ প্ৰথম দিনাই বন্তি প্ৰজ্বালনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ গোপেশ কুমাৰ শৰ্মাই আৰু আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ডঃ হৰেন্দ্ৰ নাথ তালুকদাৰে।

আনহাতে, বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে অভিমত ব্যক্ত কৰি অভিভূত হৈ পৰা বুলিও মন্তব্য কৰে। সামৰণি অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ গোপেশ কুমাৰ শৰ্মাই তেওঁৰ বক্তব্যত "মইৰ পৰা আমি হৈ" মহাবিদ্যালয়খনৰ লগতে অঞ্চলটোক আগবঢ়াই নিয়াৰ বাবে সকলোকে আহ্বান জনায়।আনহাতে বৃহস্পতিবাৰেই অনুষ্ঠিত মহাবিদ্যালয়খনৰ আন এক অনুষ্ঠানত দৰ্শন বিভাগৰ এখন ফলক আলোচনী উন্মোচন আৰু সমাজত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা বিষয়ৰ এক আলোচনাচক্ৰ উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাই সত্য তথ্যসমূহৰ যুক্তিসংগত অধ্যয়নত সকলোকে অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ খনীন বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কুমাৰ ভাস্কৰ বৰ্ম্মা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা ড: অপৰ্ণা ৰামচিয়াৰীয়ে বিষয়বস্তুৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে।