অসম

চেঙাত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগ, মৌ-মাখি পালক আৰু মৃৎ শিল্পীক সামগ্ৰী বিতৰণ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ চেঙাত শুকুৰবাৰে অসম খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধীনত তথা গুৱাহাটীস্থিত ছেদ্ৰক (এন জি অ') ৰ সহযোগত অঞ্চলটোৰ উদ্যমী কিছু লোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰোৱাৰ উদ্দেশ্যে বিনামূলীয়া সামগ্ৰী বিতৰণ কৰা হয়। বিশেষকৈ মৌ-মাখি পালন আৰু মৃৎ শিল্পৰ ওপৰত অসম খাদী আৰু গ্ৰামোদ্যোগ আয়োগে গুৰুত্ব আৰোপ কৰি খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ হোনী মিচন কাৰ্যসূচী উপলক্ষে মৌ-মাখি পালনত সহায় হোৱাকৈ বক্স আৰু কলনি বিতৰণ কৰে।

সমান্তৰালকৈ এই অনুষ্ঠানতে মৃৎ শিল্পীসকলৰ সুবিধাৰ্থে বিদ্যুৎ চালিত চাকিও বিতৰণ কৰে। এই ক্ষেত্ৰত অসম খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কাৰ্যবাহী সঞ্চালক ড° সুকুমল দেৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি ইয়াৰ জৰিয়তে হিতাধিকাৰীসকল অধিক উপকৃত হ'ব বুলি কয় আৰু সামগ্ৰীবোৰৰ উচিত ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

চেঙা বহুমুখী গ্ৰাম্য ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক বসন্ত ঠাকুৰীয়া, চেঙা ৰাজহ চক্ৰৰ বিষয়া ৰাজীৱ কুমাৰ দাস উপস্থিত থাকে।