অসম

চেঙাত সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ হৈ পৰিল সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদ। বৰপেটা জিলাৰ চেঙাত বুধবাৰে সন্ধিয়া চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত এক সংবাদমেলত সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয় যে, বিগত ৭০ বছৰ ধৰি বঞ্চিত আৰু অৱহেলিত গৰিয়া-মৰীয়া আৰু দেশীসকলে তথাকথিত ধৰ্মীয় সংখ্যালঘুৰ নামত ভোটবেংকৰ ৰাজনীতি কৰি অহা ৰাজনৈতিক দলবোৰক ভালকৈ চিনি পাইছে।ধৰ্মীয় পৰিচয়েৰে নহয় খিলঞ্জীয়া জনগোষ্ঠীৰ পৰিচয়েৰে নিজ নিজ জনগোষ্ঠীক সুৰক্ষিত কৰিব পাৰিলেহে অসমীয়া জাতিক ৰক্ষা কৰা সম্ভৱ হ'ব।

কংগ্ৰেছ দলক পৰোক্ষভাৱে তীব্ৰ সমালোচনা কৰি ৰহিঙ্গীয়া আনিব বিচৰা ৰাজনৈতিক নেতাই গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ জনগোষ্ঠীয় পৰিচয় পোৱাত বাধাৰ সৃষ্টি কৰিব বিচৰা বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰে গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে। যোৱা ১৫ এপ্ৰিলত চেঙাত এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা এগৰাকী প্ৰাৰ্থীক লক্ষ্য কৰি গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে বুধবাৰে সকিয়নী প্ৰদান কৰে।

ৰহিঙ্গীয়া আনিব বিচৰা ৰাজনৈতিক নেতা বুলি কোৱা মন্তব্যই আচলতে কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুল খালেককে লক্ষ্য কৰি লৈছে সেয়া স্পষ্ট। সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানেও সম্বোধন কৰা বুধবাৰৰ এই সংবাদমেলত অসমৰ সৰ্বত্ৰে বঞ্চিত গৰিয়া মৰিয়া দেশীসকলক জনগোষ্ঠীৰ পৰিচয় দিব বিচৰা ৰাজনৈতিক দল তথা প্ৰাৰ্থীকে সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে।

ইফালে সংবাদমেল সম্বোধন কৰাৰ পাছতে বৰপেটা জিলা গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত তথা চেঙা আঞ্চলিক সমিতিৰ সহযোগত সুকীয়া জৰীপ সন্দৰ্ভত জিলা সভাপতি আতিকুল হকৰ সভাপতিত্বত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নাচিৰ উল্লাহ পাটগিৰী, জিলা সম্পাদক চলমান হুছেইন, আঞ্চলিক সমিতিৰ সভাপতি ইমৰাণ হুছেইন, উপ সভাপতি দিলীপ তালুকদাৰৰ লগতে বহুকেইজন নেতা উপস্থিত থাকে।