অসম

বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ বাটগাঁও মতাবৰী চ'কত এক পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ। ঘটনাৰ বিবৰণী মতে বুধবাৰে আবেলি বসন্ত ঠাকুৰীয়াই চেঙাৰ পৰা বৰপেটালৈ গৈ থকা অৱস্থাত মতাবৰী চ'কৰ কেঁকুৰীটোত সন্মুখৰ পৰা আহি থকা তীব্ৰবেগী মটৰ চাইকেল এখনে নিয়ন্ত্ৰণ হেৰুৱাই ঠাকুৰীয়াৰ এ এছ ১৫ এম ৭৩৭৪ নম্বৰৰ বাহনখনত খুন্দা মাৰে ।

ফলত গাড়ীখনৰ সোঁফালটো সম্পূৰ্ণৰূপে ভাঙি যায় আৰু ঠাকুৰীয়াৰ কথমপি প্ৰাণ ৰক্ষা পৰে । তীব্ৰবেগী নম্বৰবিহীন ১৫০ পালচাৰ বাইকখনত চালক মফিজুল আলীসহ দুগৰাকী কিশোৰী আছিল । দুৰ্ঘটনাটোত কিশোৰী দুগৰাকীয়ে গুৰুতৰভাৱ আঘাত পোৱাত বসন্ত ঠাকুৰীয়াই তৎপৰতাৰে ১০৮ এম্বুলেন্সেৰে বৰপেটা চিকিৎসালয়লৈ পঠিয়াই দিয়ে ।

ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু গাড়ী দুখন তাৰবাৰী আৰক্ষী থানালৈ লৈ আহে । অনভিজ্ঞ একাংশ চালকৰ দৌৰাত্ম্যৰ বাবেই এই ধৰণৰ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা বুলি স্থানীয় লোকে মন্তব্য কৰে ।