অসম

বৰপেটাৰ চেঙাত বাইক দুৰ্ঘটনাত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, সৰ্থেবাৰীঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙাত দেওবাৰে নিশা এক ভয়ংকৰ বাইক দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে দুজন যুৱক গুৰুতৰ ভাবে আহত হয়। নিহত যুৱকজন চেঙাৰ ৰবিন দাসৰ পুত্ৰ কংকন দাস(২৮) বুলি জানিব পৰা গৈছে। কংকন দাস সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আছিল।

ছত্তিছগড়ত চাকৰি কৰা কংকন দাসে ছুটি লৈ ঘৰলৈ আহিছিল। দেওবাৰে সন্ধিয়া চেঙা পৰা বহৰিলৈ বাইকেৰে গৈ থকা অৱস্থাত চেঙা উন্নয়ন খণ্ডৰ সন্মূখত চন্দন পাটোৱাৰী(১৯) নামৰ এজন পথচাৰী যুৱকক খুন্দিওৱাৰ পিছত বাইকখনে মাইলৰ খুটিত খুন্দা খায়। বাইক চালক তথা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান কংকন দাস থিতাতে নিহত হয়।

ফাইল ফটো

বাইক আৰোহী ৰিংকু আলী(২৪) আৰু পথচাৰী চন্দন পাটোৱাৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। তিনিওজনকে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কংকন দাসক চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে চন্দন পাটোৱাৰীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়। ৰিংকু আলীক বৰপেটা ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান কংকন দাসৰ অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।