অসম

ছয়গাঁৱৰত ভয়ংকৰ অগ্নিকাণ্ড,কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত

asomiyapratidin

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত টপাৰ পথাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।জোৰশিমূলী আৰক্ষী চকীৰ এলেকাধীন ই এণ্ড মথাউৰিৰ বাহিৰৰ টপাৰ পথাৰ গাঁৱত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত এটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সমগ্ৰী ভষ্মীভূত হৈ পৰে।

প্ৰাপ্ত বাতৰি মতে,টপাৰ পথাৰ গাঁৱৰ মেহেৰ আলীৰ ঘৰত অচম্বিতে সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ।জুইৰ লেলিহান শিখাই মূহুৰ্ততে ঘৰটো আগুৰি ধৰে।পিচত স্থানীয় ৰাইজে জোৰশিমূলী আৰক্ষীৰ সহযোগত আপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও জুইত ঘৰটোৰ ভিতৰ-বাহিৰে সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ পৰে।ফলত নগদ ধন,সোণ-ৰূপৰ গহনা,গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু বিভিন্ন সা-সামগ্ৰীকে ধৰি কেইবা লক্ষ্যাধিক টকাৰ ক্ষতি সাধন হয়।