CHAYDOWAR
CHAYDOWAR 
অসম

হেলেম ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাই মুকলি কৰিলে দুটা অপেন লাইব্ৰেৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ :- চৰকাৰী কামৰ সীমাহীন ব্যস্ততাৰ মাজত সময় উলিয়াই কাৰ্যালয়ৰ চৌপাশত কিতাপ পঢ়াৰ এক পৰিৱেশ তৈয়াৰ কৰি গ্ৰন্থ প্ৰেমী ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাই।

হেলেম ৰাজহ চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰা কাৰ্যালয়টোক অধিক গতিশীল আৰু জনমুখী কৰি তুলি আবেনকাৰী ৰাইজৰ সমস্যা সমূহক খৰতকীয়া সমাধান কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা চক্ৰ বিষয়া লুকুমণি বৰাই শেহতীয়াভাৱে কাৰ্যালয়টোৰ সন্মুখৰ বাৰাণ্ডাত দুটা অপেন লাইব্ৰেৰীৰ কক্ষ স্থাপন কৰি কাৰ্যালয়টোৰ চৌপাশত গ্ৰন্থৰ সুৱাস বিলোৱাৰ দৰে এক মহান কাৰ্য ৰূপায়ন কৰিছে।

দেওবাৰে চক্ৰ বিষয়া লুকুমণি বৰাই নিজ হাতে উক্ত অপেন লাইব্ৰেৰীৰ কক্ষ দুটা ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। মাহেকীয়া আলোচনীকে ধৰি বিভিন্ন প্ৰতিষ্ঠিত লেখকৰ কিতাপ সংৰক্ষণ কৰি ৰখাৰ প্ৰয়াস কৰা এই অপেন লাইব্ৰেৰীৰ পৰা কাৰ্যালয়টোলৈ অহা ৰাইজে কিতাপ লৈ অধ্যয়ন কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি লুকুমণি বৰাই কয় যে কিতাপ পঢ়াৰ অভ্যাস আৰু কিতাপ পঢ়াৰ মানসিকতাই মানুহক আনন্দিত কৰি ৰাখে।

বৌদ্ধিক চিন্তা-চেতনা জাগ্ৰত কৰি ৰখাৰ প্ৰধান মাধ্যম হিচাপে পৰিচিত গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহৰ মন-মগজু সংস্কাৰ হয় বুলি উল্লেখ কৰি লুকুমণি বৰাই কাৰ্যালয়টোত নতুনকৈ স্থাপন কৰা অপেন লাইব্ৰেৰী দুটা দীৰ্ঘস্থায়ী হ'বলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে। তদুপৰি সদাশয় আগ্ৰহী ব্যক্তিয়ে উক্ত লাইব্ৰেৰীলৈ কিতাপ আগবঢ়াব পাৰিব বুলিও উল্লেখ কৰে লুকুমণি বৰাই।