অসম

গঁড় হত্যাৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চালৈ অহা চতিয়াৰ বসন্ত দাস আৰু নাই

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ জীৱন সংগ্ৰামত যুঁজি যুঁজিও হাৰ নমনা চতিয়াৰ দুঃসাহসিক বসন্ত দাসে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। দীৰ্ঘদিন ধৰি এনকেফেলাইটিছ ৰোগত আক্ৰান্ত দাসে শুকুৰবাৰে নিশা চতিয়াৰ বৰঙাবাৰীৰ নিজৰ গৃহত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁ বহু দিন হায়াট হস্পতালতো চিকিৎসাধীন হৈ আছিল। এপ্ৰিলত বিবাহ পাশত আবদ্ধ হোৱা বসন্ত দাসে বিশ্বনাথত এশিঙিয়া গড়ৰ সুৰক্ষাৰ বাবে ২৬টাকৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।

ব্ৰহ্মপুত্ৰৰ বুকুত ২০ কিলোমিটাৰ সাঁতুৰাৰ লগতে সাঁতুৰি থকা অৱস্থাতে বাঁহী, পেঁপা, বীন বজোৱাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ বুকুতে ফুটবল খেলি গড় হত্যা ৰোধৰ ক্ষেত্ৰত সজাগতা অনাৰ ব্যতিক্ৰমী প্ৰয়াস কৰিছিল বসন্ত দাসে৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত কাজিৰঙা নৰ্দাণ ৰেঞ্জৰ সহযোগত দাসে এই প্ৰয়াস কৰিছিল৷ ইয়াৰ উপৰিও দাসে মটৰ চাইকেলৰ জৰিয়তে বিভিন্ন দুঃসাহসিক কৰ্ম কৰিছিল। প্ৰতিভাৱান যুৱক বসন্ত দাসৰ অকাল মৃত্যুত সমগ্ৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাতে শোকৰ ছাঁ পৰিছে।