অসম

উদয়াচল দাবীৰ জনক প্ৰাক্তন সাংসদ চৰণ নাৰ্জাৰীৰ দেহাৱসান, শোকস্তব্ধ কোকৰাঝাৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ উদয়াচল দাবীৰ জনক তথা প্ৰাক্তন বিধায়ক, সাংসদ চৰণ নাৰ্জাৰীয়ে মঙলবাৰে গুৱাহাটীৰ এখম ব্যাক্তিগতখণ্ডৰ চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। মৃত্যুৰ পূৰ্বে ইহজগতত তেওঁ পত্নী, চাৰিগৰাকী কন্যা, এজন পূত্ৰ আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

উল্লেখ্যে যে, ১৯৩৩ চনৰ ২৮ মে'ত জন্মগ্ৰহণ কৰা চৰণ নাৰ্জাৰীয়ে ১৯৫৯চনত কটন কলেজৰ পৰা স্নাতক, ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ, ১৯৬৪ চনত আইনৰ স্নাতক সম্পূৰ্ণ কৰি কোকৰাঝাৰ কলেজত প্ৰৱক্তা ৰূপে যোগদান কৰে।

১৯৭২ চনত বিধানসভালৈ নিৰ্বাচিত হোৱা চৰণ নাৰ্জাৰী ১৯৭৭ চনত লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ পুণৰাই ১৯৮৫ চনত বিধানসভা নিৰ্বাচন খেলে আৰু জয়যুক্ত হয়।

দুবাৰকৈ বিধায়ক আৰু এবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা চৰণ নাৰ্জাৰী এগৰাকী কবি, সাহিত্যিক আৰু প্ৰৱন্ধ লেখকো আছিল। চকুলো নামৰ এখন কবিতা পুথিকে ধৰি বড়ো ভাষাত কেবাখনো গ্ৰন্থ, বড়ো ভাষাৰ পাঠ্যপুথিৰ প্ৰণেতা তথা প্ৰতিষ্ঠিত কাকত-আলোচনীত নিয়মীয়া প্ৰৱন্ধ লেখক চৰণ নাৰ্জাৰীয়ে প্লেইন ট্ৰাইবেল কাউন্সিল অৱ আছাম চমুকৈ পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল আৰু তেওঁৰ নেৰ্তৃত্বতে পোণপ্ৰথমে জনজাতিসকলৰ বাবে পৃথক ৰাজ্য উদয়াচল গঠনৰ দাবীত ব্যাপক আন্দোলন আৰু জনজাগৰণ সম্পন্ন হৈছিল।

তেওঁৰ মৃত্যুত কোকৰাঝাৰত শোকৰ ছা পৰিছে আৰু গুৱাহাটীৰ পৰা নশ্বৰদেহ আহি পোৱালৈ সকলোৱে অপেক্ষা কৰি আছে। ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, বিটিএডি জনজাতি সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক মহেশ চন্দ্ৰ ব্ৰহ্ম, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বহু বিশিষ্ট ব্যাক্তিয়ে চৰণ ব্ৰহ্মৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।