অসম

সাৱধান চৰাইদেউবাসী! ভুৱা হিতাধিকাৰীয়ে পাইছিল নেকি কৃষি সাহায্যৰ ধন…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ ৰাজ্যত প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ আৰ্থিক অনুদানৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱাৰ লগতে চৰাইদেউ জিলাৰ প্ৰতিখন পঞ্চায়ততে এই আঁচনিৰ নামত বৃহৎ কেলেংকাৰী হোৱাৰো অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল দুৰ্নীতিৰ খবৰ। তেনে পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ যিসকল লোকে জালিয়াতিৰে ধন লাভ কৰিছিল তেওঁ লোককো ধন ঘুৰাই দিবলৈ নিৰ্দেশ দিছে জিলা প্ৰশাসনে।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত চৰাইদেউ জিলাত যিসকল অযোগ্য হিতাধীকাৰীয়ে ধন লাভ কৰিছিল তেওঁলোকক এক্সিস বেংকৰ সোণাৰি শাখাত থকা একাউণ্ট নম্বৰত ধনখিনি ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। একাউণ্টৰ নাম- PM KISHAN ADMINISTRATIVE FUND DAO CHARAIDEO। একাউণ্ট নম্বৰ: 920010032299177, IFSC Code: UTIB0003171 বুলি জানিবলৈ দিছে৷