অসম

চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ এঙেৰা অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা উদঙীয়া গোণা ম'হৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হয়৷ আহত লোকজনৰ নাম দেৱপ্ৰসাদ কোঁৱৰ৷ আঘাতপ্ৰাপ্ত যুৱকজনক ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্ত্তি কৰায়৷

অঞ্চলটোত কেইদিনমান ধৰি আতংক সৃষ্টি কৰা উদঙীয়া ম'হটোক ধৰিবলৈ একাংশ লোকে চেষ্টা চলোৱা সময়তে যুৱকজনক ম'হটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷