অসম

চৰাইদেউৰ মথুৰাপুৰত ৫ ঘন্টীয়া বন্ধ ব্যৱসায়ী সন্থাৰ

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ জন্মু-কাশ্মীৰৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ব্যৱসায় সন্থাই ৫ ঘন্টীয়া বন্ধ পালন কৰে৷ দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে অঞ্চলটোৰ সকলো দোকান-পোহাৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ীসকলে৷

শ্বহীদ জোৱানৰ আত্মত্যাগক মথুৰাপুৰ ব্যৱসায়ী সকলে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেত জ্ঞাপন কৰা লগতে এই ঘটনাক তীব্ৰ নিন্দা কৰি সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক দাবী জনাই৷

ইফালে সোমবাৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছেও সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আহ্বান জনোৱা ভাৰত বন্ধৰ জিলাখনৰ ঠায়ে ঠায়ে মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হয়।