অসম

দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চৰাইদেউ মথুৰাপুৰ বাগিছাত চাহ শ্ৰমিকৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল ডেস্ক : চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,মাটিৰ পট্টা দিয়া,চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বেই ২০ শতাংশ বোনাচ আদায়ৰ দাবীত বুধবাৰে মথুৰাপুৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক ৰাইজে৷

বাগিচাখনৰ মজদুৰ সংঘৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷