অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ পদযাত্ৰা…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্হাই লাকুৱাত পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। লাকুৱা বাগান তিনিআলিৰ পৰা আৰম্ভ কৰি অ এন জিছিৰ কল'নিৰ সন্মুখলৈকে এই প্ৰতিবাদ কাৰ্যসূচী বাহিৰ কৰা হয় ৷

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি আকাশ বতাহ কঁপাই তোলে ৷ প্ৰতিবাদকাৰীয়ে আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অতিশীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰে ৷

এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্ত, সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্হাৰ উপদেষ্টা বিষুজ্যোতি বুঢ়াগোহাঁই, সভাপতি দিলিপ বৰুৱা, সম্পাদক অনুপজ্যোতি ভূঞাকে ধৰি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আঞ্চলিক ছাত্ৰ সন্থা সমূহৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।