অসম

চৰাইদেউৰ চফ্ৰাইত ৰে’লৰ খুন্দাত এজন নিহত…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ চফ্ৰাই ৰেল ষ্টেচনৰ সমীপত ৰেলৰ খুন্দাত এজন যুৱক নিহত হয়। নিহত যুৱকজনক খনা অঞ্চলৰ ফুচ্ছু ভূঞা (৩৫) বুলি চিনাক্ত কৰা হৈছে। বুধবাৰে যুৱকজনৰ মৃতদেহ ৰেলপথত পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত ৰেল আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মঙলবাৰে নিশা যুৱকজনে চফ্ৰাই চাৰিআলিৰ পৰা ৰেলপথেদি ঘৰলৈ উভতাৰ পথত ৰেলৰ খুন্দাত মৃত্যুক আকোঁৱালি লোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।