অসম

চাপৰমুখত ৰে’লৰ পৰা পৰি যুৱকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ চাপৰমুখত অঘটন। ৰে'লৰ পৰা পৰি মৃত্যু এজন যুৱকৰ। যুৱকজনৰ নাম দীপাংকৰ বৰুৱা। নিহত দীপাংকৰৰ ঘৰ ৰহাৰ গড়মাৰিত।

বৃহস্পতিবাৰে পুৱা গুৱাহাটী অভিমুখী শিলঘাট-গুৱাহাটী ডেম' ৰে'লত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে যুৱকজনে গুৱাহাটীলৈ যাবলৈ ৰহাত শিলঘাট-গুৱাহাটী ডেম' ৰে'লখনত উঠিছিল।

ৰহা-চাপৰমুখৰ মাজত সিং গাঁৱত যুৱকজন চলন্ত ৰে'লখনৰ পৰা পৰি যায়। ফলত থিতাতে মৃত্যু হয় যুৱজনৰ। পিচত চাপৰমুখ ৰে'ল আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।