অসম

মহানৱমীৰ দিনা চাংসাৰিত মৃত্যু পুৰোহিতৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ আনন্দৰ মাজতে চাংসাৰিত সংঘটিত হ'ল অঘটন। মহানবমী পূজাৰ দিনা পুৱাৰ ভাগতে এক শোকাৱহ মৃত্যু ঘটে চৌকী আঞ্চলিক সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ মুখ্য পুৰোহিত বাসুদেৱ শৰ্মাৰ। যাৰ বাবে অঞ্চলটিলৈ নামি আহে এক বিষাদ।

উল্লেখ্য যে বাসুদেৱ শৰ্মাই পূজালৈ যাবৰ বাবে পুজা মণ্ডপৰ ওচৰতে থকা চৌকী হাইস্কুলৰ দমকলৰ কাষত গা ধুবলৈ যাওতে পিচলি পৰি যায়। তাৰ পিচতে পূজা সমিতিয়ে পূজাৰীজনক ১০৮ৰ সহায়ত স্থানীয় তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

বাসুদেৱ শৰ্মাই চৌকী সাৰ্ব্বজনীন দুৰ্গা পূজা খনিৰ প্ৰতিষ্ঠা দিনৰে পৰা মুখ্য পুৰোহিত হিচাপে কাৰ্য্য সম্পাদন কৰি আহিছিল। সেয়ে পুৰোহিতজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।