অসম

মহাবীৰ লাচিতৰ যুদ্ধ কৌশলৰ বিষয়ে আলোচনা হ’ব লাগেঃ গুৱাহাটী লাচিত সংঘৰ লাচিত দিৱসত লেঃ জেঃ ৰাণা প্ৰতাপ কলিতা…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি লাচিত দিৱস। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অসমীয়াৰ শৌৰ্য-বীৰ্য-বীৰত্বৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে। অসম আৰু অসমীয়াৰ স্বাভিমানস্বৰূপ মহাপৰাক্ৰমী বীৰজনৰ ত্যাগ-বীৰত্বক স্মৰণ কৰিয়েই গুৱাহাটীৰ চানমাৰীৰ মামণি ৰয়চম গোস্বামীৰ পথত থকা লাচিত সংঘটো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে লাচিত দিৱস।

ফটো- ধনীৰাম কলিতা

২৩ নৱেম্বৰ, শনিবাৰে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হোৱা মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাৰ পাছতে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয় পুৱা ১১ বাজি ১০ মিনিটত। এইবাৰৰ লাচিত দিৱসৰ কাৰ্যসূচীৰ ভিতৰত মুখ্য কাৰ্যসূচী আছিল বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন। ভাৰতীয় সেনাৰ পূব মণ্ডলৰ সৰ্বাধিনায়ক লেঃ জেঃ ৰাণা প্ৰতাপ কলিতাই বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগে লগে অঞ্চলটোৰ মহিলাসকলে পৰিৱেশন কৰে অসমৰ জাতীয় সংগীত 'অ মোৰ আপোনাৰ দেশ'।

ফটো-ধনীৰাম কলিতা

প্ৰতিমূৰ্তি উন্মোচনৰ পাছতে ১৯৭৯ চনতে প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত লাচিত সংঘৰ পতাকা পুৱা ১১-৫ বজাত উত্তোলন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে। বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন পাছতে পুষ্পাঞ্জলি অৰ্পণ কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক নিত্য বৰা, সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগতে সংঘটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত বহুকেইজন ব্যক্তিয়ে।

ইয়াৰ পাছতে অনুষ্ঠিত হোৱা সভাত সভাত উপস্থিত থকা ভাৰতীয় সেনাৰ পূব মণ্ডলৰ সৰ্বাধিনায়ক লেঃ জেঃ ৰাণা প্ৰতাপ কলিতা, ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰ জ্যোতি চৌধুৰীৰ লগতে বীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰোৱা শৰদ বৰুৱা, অনিমা বৰুৱাৰ লগতে প্ৰতিমূৰ্তিটেক নিজ হাতেৰে গঢ় দিয়া শিল্পীজনকো সম্বৰ্ধনা জনায় লাচিত সংঘই।

এই অনুষ্ঠানতে উপস্থিত থকা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰী জয়ন্ত বৰুৱাকো ফুলাঁম গামোছা, জাপি আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত লাচিত দিৱসৰ সৈতে সংগতি ৰাখি তেওঁ ৰখা ভাষণৰ প্ৰসংগত কয় যে, মহাবীৰ লাচিত এনে এজন বীৰ, যাৰ বাবে আজি অসমীয়া জাতিটোৱে মূৰ তুলি থিয় হব পাৰিছে। বীৰ লাচিতৰ দেশপ্ৰেম, ত্যাগৰ কথা অসমীয়া জাতিটোৱে সদায়েই মনত ৰখা উচিত।

অনুষ্ঠানটোত ভাৰতীয় সেনাৰ পূব মণ্ডলৰ সৰ্বাধিনায়ক লেঃ জেঃ ৰাণা প্ৰতাপ কলিতাই বক্তব্যত কয় যে, মহাবীৰ লাচিত দিৱসত এনে এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই গৌৰাৱাম্বিত। মোৰ বক্তব্যৰ আৰম্ভণিতে এটা কৈ থও যে, পঢ়ি থকাৰ কালতে মঞ্চত ভাষণ দিওতে যিদৰে কপিছিলো, আজিও মোৰ একেই অৱস্থা। আমাৰ চাকৰি জীৱনত যিহেতু এনে দিশবোৰৰ সৈতে আমি বিশেষভাৱে জড়িত নহয়।

ফটো- ধনীৰাম কলিতা

তেওঁ লগতে কয়, মহাবীৰ লাচিতে যিদৰে প্ৰৱল পৰাক্ৰমে শক্তিশালী মোগল বাহিনীক পৰাভূত কৰিছিল সেইয়া আমি সকলোৱে জানো। নিশাটোৰ ভিতৰতে মোগলক পৰাভূত কৰিবলৈ গঢ় নিৰ্মাণ কৰাত অৱহেলা কৰাৰ বাবে নিজৰ মোমায়েককো তৰোৱালেৰে কাটিছিল মহাবীৰ লাচিতে। কৈছিল- দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিতৰ সেই কাহিনী আজিও এক ৰূপকথাৰ দৰে আমাৰ সকলোৰে মুখে মুখে।'

বক্তব্যৰ মাজতে লেঃ জেঃ ৰাণা প্ৰতাপ কলিতাই এক আক্ষেপ প্ৰকাশ কৰি কয় যে, মহাবীৰ লাচিতৰ সেই অসাধাৰণ যুদ্ধ কৌশল যিদৰে চৰ্চা হব লাগিছিল, সাধাৰণতে তেনে চৰ্চা বা আলোচনা দেখা নাযায়। ভাৰতীয় সেনা বাহিনীত ৩৫ বছৰ চাকৰি কৰাৰ পাছত আজি মই সেই বোৰ কথা উপলদ্ধি কৰিব পাৰিছো। লাচিত বৰফুকন যুদ্ধৰ স্থান নিৰ্বাচন অতি বিচক্ষণ আছিল। তেওঁ অতি চতুৰতাৰে কূটনীতি ব্যৱহাৰ কৰিছিল। গৰিলা যুজকে ধৰি কেইবাটাও যুদ্ধ কৌশল তেওঁ সফল প্ৰয়োগ কৰিছিল। তেওঁ শত্ৰুৰ শক্তিৰ লগতে দুৰ্বলতাও পঢ়িব জানিছিল। যাৰ বাবে তেওঁ প্ৰায় সকলো যুজঁতে সফল হৈছিল।'

অনুষ্ঠানটোত উপস্থিত থকা সাহিত্যিক তথা ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে ৰখা ভাষণত কয়, লাচিতৰ দেশপ্ৰেমেৰে উদ্ধুদ্ধ হব লাগে আজিৰ সমাজ। এতিয়া জাতি এক পৰীক্ষাৰ সময়। এনে সময়ত সকলো মাৰ বান্ধি থিয় হোৱা উচিত। জাতি-মাটিৰ বাবে সকলো একগোট হৈ ওলাই অহাৰ সময়।' তেওঁ লগতে কয় যে, লাচিত সংঘই মহাবীৰ লাচিতৰ স্থায়ী প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এই স্থানক তীৰ্থস্থানলৈ ৰূপান্তৰ কৰিলে।' উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ পুৰস্কাৰ দেওবাৰে সন্ধিয়াৰ ভাগত বিতৰণ কৰা হ'ব।