অসম

চামগুৰিৰ লাওখোৱা উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি! বিজেপি কৰ্মীয়েই দিলে বিজেপি নেতা গ’বেক ধ্বনি…

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ চামগুৰিত এতিয়া বিজেপিৰ ভিতৰচ'ৰাত যেন সৃষ্টি হৈছে দলীয় অন্তকন্দল। চামগুৰিৰ লাওখোৱা উন্নয়ন খণ্ডত মঙলবাৰে হোৱা পৰিৱেশে যেন তাকেই প্ৰমাণ কৰিলে।চামগুৰিৰ লাওখোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মঙলবাৰে একাংশ স্থানীয় বিজেপি কৰ্মী আৰু ৰাইজে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ আৰু ইয়াৰ পৰাই ওলাই পৰিল চামগুৰি বিজেপিত সৃষ্টি হোৱা অন্তকন্দলৰ কথা ।

ঘটনা অনুসৰি চামগুৰিৰ লাওখোৱা উন্নয়ন খণ্ডটোলৈ খণ্ড উন্নয়ন বিষয়া হিচাপে নতুনকৈ বদলিকৰণ হৈ অহা বিষয়াজনক পুনৰ বদলি কৰি তেওঁৰ ঠাইত আন এজন বিষয়াক চৰকাৰে যোগদান কৰিবলৈ দিয়াত একাংশ স্থানীয় বিজেপি কৰ্মী আৰু ৰাইজ ক্ষুব্দ হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

আনহাতে কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক বিৰাজ নন্দীয়ে নিজৰ ক্ষমতা প্ৰয়োগ কৰিয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীক বদলিকৰণৰ বাবে উঠি পৰি লগা বুলি সন্দেহ প্ৰকাশ কৰি ডিঙিত বিজেপিৰ চিহ্নৰ আৰু দলীয় চিহ্ন লৈ খুদ বিজেপি কৰ্মীয়ে নিজ দলৰে অৰ্থ্যাৎ বিজেপি নেতা বিৰাজ নন্দী গ'বেক ধ্বনি দি উত্তাল কৰি তোলে লাওখোৱা উন্নয়ন খণ্ডৰ পৰিৱেশ ।

ইয়াৰোপৰি প্ৰতিবাদী ৰাইজ তথা ক্ষুব্দ বিজেপি কৰ্মীসকলে উন্নয়ন খণ্ডটোৰ পূৰ্বৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাকে লাওখোৱা উন্নয়ন খণ্ডটোত খণ্ড উন্নয়ন বিষয়া হিচাপে বাহাল ৰাখিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক আহ্বান জনায় ।

উল্লেখ্য যে, লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ বদলিকৰণ স্থগিত ৰাখিবৰ বাবে মঙলবাৰে সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদত বিজেপি দলৰে একাংশ স্থানীয় কৰ্মীয়ে বিজেপি দলৰে এগৰাকী নেতাৰ বিৰুদ্ধে গ'বেক ধ্বনি দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।