অসম

চামগুৰিত উদ্ধাৰ হস্তনিৰ্মিত বন্দুক

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ চৌদিশে এতিয়া অবৈধ অস্ত্ৰৰ জনজননি। বিভিন্ন সময়ত চামগুৰিৰ বিভিন্ন অঞ্চলত অবৈধ মাৰণাস্ত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য দুৰ্স্কৃতিকাৰীয়ে সংঘটিত কৰি আহিছে। এনে সময়তে নগাঁৱৰ চামগুৰিৰ সমীপবৰ্তী উত্তৰ দিজু সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা উদ্ধাৰ হৈছে এটা অবৈধ মাৰাণাস্ত্ৰ।

শালবাৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু চামগুৰি আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হয় হস্তনিৰ্মিত বন্দুকটো। উল্লেখ্য যে, উত্তৰ দিজু বনাঞ্চলখনত চোৰাংচিকাৰীৰ এটা দলে প্ৰবেশৰ সম্ভেদ পাই বন বিভাগ আৰু আৰক্ষীয়ে অতৰ্কিতে চলাইছিল এই অভিযান আৰু তাৰ পাছতেই উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল হস্তনিৰ্মিত বন্দুকটো।

আনহাতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বনাঞ্চল খনৰ পৰা তিনিজনকৈ চোৰাংচিকাৰীয়ে পলায়ন কৰে বুলি বন বিভাগ আৰু আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।