অসম

কলহী নৈত হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ, ক্ষুব্ধ ৰাইজৰ আৰক্ষীক প্ৰহাৰ

asomiyapratidin

ডিজিটেল সংবাদ, ছয়গাঁওঃ শনিবাৰে ছয়গাঁৱৰ গুমিৰ আমবাৰীত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰা দম্পতীৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ। কলহী নৈত মাছমৰীয়াই উদ্ধাৰ কৰে কুৰবান আলীৰ মৃতদেহ। এটা মোনাত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। লগতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক প্ৰহাৰ একাংশ ক্ষুব্ধ লোকৰ।

ৰাইজৰ প্ৰহাৰত আহত হয় আৰক্ষী বিষয়া মণ্টু দাস সহ কেইবাজনো কনিষ্টবল। সাংবাদিককো আক্ৰমণ কৰিবলৈ উদ্যত হয় একাংশ লোক। ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে কেইবাজনো সাংবাদিকৰ লগতে আৰক্ষী লোকে। শিশুটিৰ মৃতদেহ উদ্ধাৰত আৰক্ষীৰ ব্যৰ্থতাত ক্ষোভ উজাৰে ৰাইজে। যোৱা ২৯ জানুৱাৰীত বিচনাতে দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিছিল স্বামী–স্ত্ৰীক। হত্যাকাণ্ডৰ পিছৰে পৰা নিখোজ হৈ আছিল কুৰবান আলী নামৰ শিশুটি।