অসম

৪৫ বছৰতকৈ অধিক বয়সৰ লোক সকলৰ বাবে কোৰোনা বিপদজনক!

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত বৰ্তমানলৈ ৭ লাখ ৯৫ হাজাৰ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ২১,৬২৪গৰাকী লোক। শেহতীয়াকৈ কেন্দ্ৰ স্বাস্থ্যমন্ত্ৰণালয়ে সদৰি কৰিছে যে, ভাৰতত কোৰোনাত মৃত্যু হোৱা অধিকাংশ লোকৰ বয়স ৪৫বছৰতকৈ বেছি।

মন্ত্ৰাণালয়ে সদৰি কৰা অনুসৰি, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ১৫ শতাংশ লোকৰ বয়সহে ৪৫বছৰতকৈ কম। ইয়াৰ বিপৰীতে বাকী ৮৫ শতাংশৰ বয়সেই হৈছে ৪৫বছৰৰ ওপৰৰ। লগতে তেওঁলোকে সদৰি কৰিছে যে, ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত ৬০-৭৪বছৰ বয়সৰ লোক আছে ৮শতাংশ। এই বয়সৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ হাৰ হৈছে ৩৯শতাংশ।

ইফালে কোৰোনাত আক্ৰান্ত হৈ ১৪বছৰতকৈ কম বয়সৰ লোক মৃত্যুৰ হাৰ ১ শতাংশ আৰু ১৫-২৯ বছৰ বয়সৰ লোকসকলৰ কোৰোনাত মৃত্যুৰ হাৰ হৈছে মাত্ৰ তিনি শতাংশ। আনফালে ৩০-৪৪বছৰ বয়সৰ কোৰোনা ৰোগীৰ মৃত্যুৰ হাৰ হৈছে ১১ শতাংশ।