অসম

মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২০ ছেপ্টেম্বৰত নটুৱাগাঁওৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰা হ'ব। '৪২ৰ গণ আন্দোলনৰ শ্বহীদ মনবৰ নাথৰ স্মৃতিত নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱসৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

কাৰ্যসূচী অনুসৰি  পুৱা ৮ বজাত বন্তি প্ৰজ্বলন, ৯ বজাত পতাকা উত্তোলন, ৯:৪৫বজাত শ্বহীদ তৰ্পণ, ১০ বজাত বৃক্ষৰোপণ আৰু বিয়লি ২ বজাত অনুষ্ঠিত হব মুকলি সভা। উক্ত মুকলি সভাত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে '৪২ ৰ শ্বহীদ পৰিয়াল সন্মিলন, অসমৰ মুখ্য উপদেষ্টা ডিমচাঁদ বৰদলৈ নিৰ্দিষ্ট বক্তা হিচাপে আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা বিশিষ্টি অতিথি হিচাপে অংযগ্ৰহণ কৰিব।

ইয়াৰোপৰি এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, সদৌ আদিৱাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক চেনীৰাম মালং, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্ঠা বুবুমণি গোস্বামী, অসম প্ৰাদেশিক যোগী সন্মিলনী, মহিলা সন্মিলনীকে ধৰি আন দল-সংগঠনৰ নেতা কৰ্মী মুকলি সভাত উপস্থিত থাকিব বুলি সদৰী কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।