অসম

জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ বহু ক্লু লাভ চি বি আইৰ তদন্তকাৰী দলৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তত নমা চি বি আয়ে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ ক্লু। জখলাবন্ধা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰা চি চি আইৰ দলটোৱে বৃহস্পতিবাৰে নগাঁৱত বাহৰ পাতিছে।

চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত শুকুৰবাৰে আবেলি দলটো গৈ উপস্থিত হয়গৈ কাহিলীপাৰাত থকা জোনমণিৰ বাসগৃহত। উল্লেখযোগ্য যে, জোনমণি ৰাভাৰ মৃত্যুক দুৰ্ঘটনা বুলি মানি ল'বলৈ অস্বীকাৰ কৰা জোনমণিৰ মাতৃয়ে নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে আৰু আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

সেই সন্দৰ্ভতো চি বি আয়ে জোনমণি ৰাভাৰ পৰিয়ালৰ সৈতে আলোচনা কৰে।ইফালে,চি বি আইৰ আন এটা দল আহি উপস্থিত হৈছেহি গুৱাহাটীত। কেইবাটাও ক্লু লাভ কৰালৈ চাই অচিৰেই চি বি আয়ে এই ঘটনা সন্দৰ্ভত নাম সাঙোৰ খাই পৰা আৰক্ষী বিষয়াকো জেৰা কৰাৰ সম্ভাৱনা আছে।