অসম

শ্বিলঙৰ চিবিআই কাৰ্যালয়ত আজি পুনৰ জেৰা ৰাজীৱ কুমাৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃ একেৰাহে বিগত ৩ দিন ধৰি সোধা-পোছা কৰাৰ অন্তত মঙলবাৰে পুনৰ শ্বিলঙস্থিত চিবিআই কাৰ্যালয়ত সোধা-পোছা কৰিব কলকতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক। বিগত তিনিদিন ধৰি চিবিআইয়ে চিটফাণ্ড কেলেংকাৰী সন্দৰ্ভত ৰাজীৱ কুমাৰক জেৰা কৰাৰ লগতে বিগত দুদিন ধৰি তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কুণাল ঘোষকো জেৰা অব্যাহত ৰাখিছে চি বি আইয়ে।

ইতিমধ্যে দুয়োগৰাকীয়েই সংবাদ মাধ্যমৰ সন্মুখত এই কেলেংকাৰীত জড়িত নথকাৰ দাবী কৰিছে। চিবিআই এক সূত্ৰ অনুসৰি, যোৱা সোমবাৰে দুয়োজনকে ৰোজ ভেলীৰ আৰ্থিক কেলেংকাৰী সন্দৰ্ভতো সোধা-পোছা কৰা হয়। আৰম্ভণিত সাৰদা কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা দলৰ নেতৃত্বত থকা কলকাতা আৰক্ষী আয়ুক্তগৰাকী বিৰুদ্ধে তথ্য হেৰুৱাৰ অভিযোগো উত্থাপন হৈছিল ।