অসম

চিটফাণ্ডঃ দহদিনীয়া অভিযানৰ বাবে সাজু হৈ গুৱাহাটীত উপস্থিত চিবিআইৰ বৃহৎ দল

asomiyapratidin

ডিজিটেল ডেস্কঃ চিটফাণ্ডৰ বিৰুদ্ধে বৃহৎ অভিযান চলাবলৈ সাজু হৈছে চিবিআই। মমতা বেনাৰ্জীৰ সৈতে কলকতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক আটক কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি চিবিআইৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত এই অভিযান চলাবলৈ সাজু হৈছে চিবিআইৰ দুটা বৃহৎ দল। শুকুৰবাৰে দিল্লীৰ পৰা কলকতালৈ অহা এটা উচ্চ পৰ্যায়ৰ চিবিআইৰ দলে এই অভিযানৰ তদাৰক কৰিব।

ইতিমধ্যে শ্বিলঙত কলকতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু তৃণমূলৰ প্ৰাক্তন সাংসদ কুনাল ঘোষক সাৰদা কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি শনিবাৰে জেৰাৰ বাবে গুৱাহাটীত আহি উপস্থিত হৈছেহি চিবিআইৰ আন এটা বৃহৎ দল। এই দলটোৱে শ্বিলঙৰ চিবিআইৰ কাৰ্যালয়ত কলকাতাৰ আৰক্ষী আয়ুক্ত গৰাকীক জেৰা কৰিব। ইফালে জেৰাৰ সমান্তৰালকৈ চিটফাণ্ড কেলেংকাৰী গোচৰত কলকাতাৰ পৰা অহা চিবিআইৰ দলটোৱে অসম, ত্ৰিপুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত অভিযান চলোৱাৰ প্ৰস্তুতি চলাইছে।

গুৱাহাটীলৈ অহা চিবিআইৰ দলটোৱে শনিবাৰে পুৱাই শ্বিলঙলৈ ৰাওনা হৈ শ্বিলঙৰ চিবিআইৰ কাৰ্যালয়ত ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষক জেৰা কৰাৰ পাছত ১৮ ফেব্ৰুৱাৰীলৈকে থাকিব গুৱাহাটীত। উচ্চ পদস্থ চিবিআই বিষয়াই এই দলটোক উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো স্থানতে অভিযান চলাব পৰাকৈ প্ৰায় ১০ দিনৰ বাবে সাজু হৈ আহিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।