অসম

ভয়ংকৰ খবৰ! দুষ্ট চক্ৰই বিক্ৰী কৰিছে মিথানল ব্যৱহৃত বিষাক্ত হেণ্ড ছেনিটাইজাৰ, চিবিআইয়ে কৰিলে সতৰ্ক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণ মাজতে ৰাজ্যত পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ। এক চক্ৰই মিথানল ব্যৱহাৰ কৰা নকল হেণ্ড ছেনিটাইজাৰৰ লগতে পিপিই কীট আৰু আনবোৰ সামগ্ৰীৰ বজাৰ মেলি দিছে। মঙলবাৰে চিবিআই-য়ে অসম আৰক্ষীক জনাই এই কথা।

চিবিআইয়ে এক সূত্ৰৰ পৰা এই তথ্য লাভ কৰাৰ পাছতেই অসম আৰক্ষীক ততাতৈয়াকৈ জনাই যে, এক দুষ্ট চক্ৰই সহজে ধন উপাৰ্জনৰ বাবে এনে কাম কৰিছে। আৰু এই চক্ৰটোৰ বিৰুদ্ধে সতৰ্কতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে কৈছে চিবিআইয়ে।

উল্লেখ্য যে, মিথালন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এই হেণ্ড ছেনিটাইজাৰ অতিকৈ বিষাক্ত। যাৰ দ্বাৰা প্ৰাণ হানি হোৱাৰো সম্ভাৱনা নথকা নহয়। আৰু কোৰোনা সংকটৰ এই সময়চোৱাত তেনে এক দুষ্ট চক্ৰই কৰা এই কাম অতিকৈ চিন্তনীয়।