অসম

কৃষক সভাৰ গো সুৰক্ষা বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদঃ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  বিজেপি দল শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত সাধাৰণ  মানুহৰ জীৱনৰ কোনো  মূল্য নাই। খাটি খোৱা শ্ৰমজীৱী মেহনতি জনতাৰ , কৃষকৰ জীৱন আৰু শ্ৰমৰ মূল্য  দিব নোখোজা এই গেৰুৱা দলৰ চৰকাৰৰ দিনত গৰুৰ মূল্যহে মানুহতকৈ অধিক। নিখিল ভাৰত কৃষক সভাৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ উদ্যোগত মঙ্গলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি এই মন্তব্য কৰে নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সদস্য তথা লখিমপুৰ জিলাৰ সম্পাদক গোপাল গগৈয়ে ।

চি পি আই এম দলৰ ৰাজ্যিক সদস্য গগৈয়ে গেৰুৱা দলৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে  বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থসিদ্ধিৰ বাবে মনোনিবেশ কৰি অহাৰ বিপৰীতে দৰিদ্ৰ খতিখোৱা শ্ৰমজীৱী ৰাইজৰ অধিকাৰ খৰ্ব কৰা এক ফেচিষ্ট চৰকাৰ বুলি আখ্যা দিয়ে। বিতৰ্কিত গো সুৰক্ষা বিধেয়ক বাতিলৰ দাবীত মঙ্গলবাৰে দুপৰীয়া নিখিল ভাৰত কৃষক সভাৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত উলিওৱা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি গগৈয়ে এই মন্তব্য কৰে।

চি পি আই এমৰ ঢকুৱাখনা লোকেল সমিতিৰ কাৰ্যালয়ৰ পৰা অৰ্ধ শতাধিক কৃষক, কৰ্মীয়ে অংশ গ্ৰহনেৰে আৰম্ভ হোৱা প্ৰতিবাদী সমদল কাৰ্যসূচীত গো আইন বাতিল কৰক,  কৃষকৰ পশুধনৰ অধিকাৰ খৰ্ব কৰা বিতৰ্কিত গো সুৰক্ষা আইন শীঘ্ৰে বাতিল কৰক,  কৃষকৰ অধিকাৰ প্ৰদান কৰক আদি বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি প্ৰতিবাদকাৰী সকল পদব্ৰজে গৈ  ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। 

গো সুৰক্ষা বিধেয়ক বিৰোধী বিভিন্ন শ্লোগান দি পৰিবেশ উত্তপ্ত কৰি ৰখাৰ সময়তে ৰাজহ চক্ৰ বিষয়া ৰাহুল দলেয়ে দুজনমান নেতৃত্বক কাৰ্য্যালয়লৈ মাতি স্মাৰক পত্ৰ প্ৰদানৰ আহ্বান জনায়। নিজে প্ৰতিবাদী ৰাইজৰ মাজলৈ আহিবলৈ অস্বীকাৰ কৰি ভিতৰতে সোমাই থকা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ এনে  দায়িত্বহীন আচৰণ আৰু আহ্বানত ক্ষোভিত হৈ প্ৰতিবাদকাৰী ৰাইজে বিষয়াৰ মইমতালি নছলিব , দুৰ্নীতিৰ ভুস্বর্গ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সকলো দুৰ্নীতি ফাদিল কৰা হ'ব, চক্ৰ বিষয়া ৰাইজৰ মাজলৈ ওলাই আহিবই লাগিব আদি দাবীৰে সোচ্চাৰ হৈ পৰিবেশ উত্তাল কৰি তোলাৰ পাছত উপায়ন্তৰ হৈ বাহিৰলৈ ওলাই ৰাইজৰ মাজত উপস্থিত হবলৈ  বাধ্য হয় চক্ৰ বিষয়াজন ।

পাছত প্ৰতিবাদকাৰী নেতৃত্বই চক্ৰ বিষয়াগৰাকীৰ এনে দাম্ভিক স্থিতিৰ গৰিহণা দি বিষয়জনৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি কৃষক আৰু কৃষিজীৱী পৰিয়ালৰ অধিকাৰ খৰ্বকাৰী গো সুৰক্ষা বিধেয়ক তাৎক্ষণিক ভাৱে বাতিলৰ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত কৃষক সভাৰ লখিমপুৰ জিলা সমিতিৰ উপ সভাপতি চন্দ্ৰ বৰুৱা , জিলা সদস্য অমিয় কুমাৰ সন্দিকৈ , আঞ্চলিক সম্পাদক গহীন চুতীয়া, লক্ষী সোণোৱালকে ধৰি বহু সংখ্যক নেতৃবৰ্গ উপস্থিত থাকে। ইপিনে চি পি আই এমৰ ঢকুৱাখনা জিলা সমিতিৰ তৰফৰ পৰাও মঙ্গলবাৰে মহকুমাধিপতিক একে দাবীৰ পৰিপ্ৰেক্ষিতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে নেতৃবৰ্গই ।