অসম

চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত বিধ্বংসী অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ,চামুগুৰি : নগাঁৱত অভাৱ ঘটিব পাৰে বিদ্যুতৰ ।বিশ্বকৰ্মা পূজাৰ পুৱাই চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডই এতিয়া চিন্তিত কৰি তুলিছে নগাঁও বাসীক ।সমগ্ৰ নগাঁও জিলাতেই বিদ্যুত যোগান ধৰা চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিচত পুৱাই ২৫ মেগা ভ'ল্ট এম্পিৰাত হোৱা অগ্নিকাণ্ডই বহু কেইদিন ধৰি প্ৰভাৱান্বিত কৰিব পাৰে সমগ্ৰ নগাঁও জিলাকে ।

পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনটোত বিদ্যুত যোগানৰ বিকল্প ব্যৱস্থা আছে যদিও অগ্নিকাণ্ডটো সংঘটিত হোৱা বাবে সমগ্ৰ জিলাখনতেই সঘনাই ল'ড চেডিং হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে বিভাগীয় কতৃপক্ষই ।উল্লেখ্য যে হঠাৎ উক্ত স্থানত অগ্নিকাণ্ডটোৰ সুত্ৰপাত হোৱাত পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনৰ  কৰ্মচাৰী সকলৰ মাজত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় ।পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ বহু সময় ধৰি জুই নুমোৱাৰ চেষ্টা অব্যাহত ৰাখে যদিও বহু সময়লৈকে ট্ৰাঞ্চফৰ্মাৰটোত উমি-উমি জুই জ্বলি থাকে ।

আনহাতে অগ্নিকাণ্ডটো সুত্ৰপাত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমান পৰ্যন্ত  জানিব পৰা হোৱা নাই ।ইয়াৰ উপৰি সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত শক্তি বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।