অসম

কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ৰানিঘাট পেলাদহৰ গাঁৱৰ প্ৰাক্তন বিএছএফ কৰ্মী চজিবুৰ ৰহমানৰ শৰীৰত কোৰোনা ধৰাৰ পিছত তেওঁৰ লগত সংস্পৰ্শথ থকা আন তিনি গৰাকী লোককো কোৱাৰেন্টাইনত ৰখা হৈছে৷ তেওঁৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত থকা তেওঁৰ পত্নী ৰিনাৰা বেগম, পুত্ৰ চাবিৰ ৰফিকৰ লগতে আন এজন প্ৰতিবেশীক কোৱাৰেইন্টাইনত ৰখা হৈছে। কাছাৰ জিলা স্বাস্হ্য বিভাগে দেওবাৰে এই তিনি গৰাকী লোকক এছএমচি হাস্পতালৰ আইছ'লেশ্যন ৱাৰ্ডত ভৰ্তি কৰি তেওঁলোকৰ স্বাস্হ্য নিৰীক্ষণ কৰি থকাৰ বিপৰীতে কোৰোনা আক্ৰান্ত চজিবুৰক এছএমচিএইচ কোভিড-19 হস্পিতালত চিকিৎসা কৰি থকা হৈছে৷ এক সংবাদমেলত এই কথা সদৰি কৰিছে এছএমচি হাস্পাতালৰ উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্ত আৰু জিলা স্বাস্হ্য বিভাগৰ মিডিয়া সম্পৰ্কৰক্ষী বিষয়া সুমন চৌধুৰীয়ে।

ইফালে, দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী মাৰ্কাজত কাছাৰ জিলাৰ পৰা মুঠ ১২ জন লোক যোৱাৰ তথ্য লাভ কৰিছে কাছাৰ স্বাস্হ্য বিভাগে৷ ইয়াৰে ছয় জন ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ অন্য ছয় জন এতিয়াও কাছাৰৰ বাহিৰতে আছে৷ স্বাস্হ্য বিভাগে চিনাক্ত কৰা ছয়জনৰ এজন চজিবুৰ ৰহমান বুলি সদৰি কৰে সুমন চৌধুৰীয়ে। বৰ্তমানলৈকে কাছাৰ জিলাত মুঠ ৩৮৮২ গৰাকী লোকক কোৰোনাৰ সন্দেহত কোৱাৰেন্টাইনত ৰখা বুলি সদৰি কৰিছে স্বাস্হ্য বিভাগে৷