অসম

শিক্ষাৰ্থীৰ বাবে ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ বিশেষ কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ নামৰ ৱাটচআপ গোটৰ উদ্যোগত “Career options after 10th and 12th” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ২৮এপ্রিলত সন্ধিয়া ৭.৩০ বজাত আয়োজন কৰা হৈছে । কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই ।

গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত যোগদান কৰিবৰ বাবে ক’ড (code ) হ’ল " xvj-eswb-zuz " । এই কৰ্মশালাখনত আগ্রহী শিক্ষাৰ্থী তথা অভিভাৱকসকলেও অংশগ্রহণ কৰিব পাৰিব বুলি ‘ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ’ গোটৰ প্রশাসক বিমল বৰাই জানিব দিছে ।