অসম

শদিয়াত জলকীয়া খাই মাতৃ-কন্যাৰ কৰুণ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ শদিয়াৰ অম্বিকাপুৰ মিলনপুৰ পতিয়া গাঁৱৰ এটা পৰিয়ালত অতি কৰুণ ঘটনা সংঘটিত হৈছে। চাৰিদিন পূৰ্বে ঔটেঙা, কচু আৰু শুকান জলকীয়াৰে সৈতে ভাত খোৱাৰ পিছতে আনন্দ বৰা নামৰ ব্যক্তিগৰাকীৰ পত্নী, দুই কন্যা আৰু তেওঁৰ কণমানি নাতিনী গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও আজি আনন্দ বৰাৰ পত্নী অঞ্জনা বৰা (৪৫) আৰু তেওঁৰ কন্যা সন্দিয়া বৰা কাকতি (২২)ৰ মৃত্যু হয়।

পৰিয়ালটোৰ বাকী কেইজন সদস্য আনন্দ বৰা (৫২), তেওঁৰ কন্যা বুল বৰা (১৮) আৰু এগৰাকী কণমানি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে চাৰিদিন আগতে উক্ত খাদ্য খোৱাৰ পিছতে বিষক্ৰিয়া হৈ শৌচ-বমি হোৱাত আটাইকে প্ৰথমে চপাখোৱা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল। তাত সুস্থ নোহোৱাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও দেওবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা লাভৰ পূৰ্বেই অঞ্জনা বৰাৰ মৃত্যু হোৱাৰ পাছত আজি কন্যা সন্দিয়াৰো মৃত্যু হয়।