অসম

ৰোষত নেতা-মন্ত্ৰীঃ দৌৰি বাচিল মন্ত্ৰী ফণীভূষণ, হাতযোৰ কৰি নিমাতে ৰ’ল ৰামেশ্বৰ তেলী, দিলীপ পাটগিৰীৰ গাড়ীতেই লগালে পোষ্টাৰ… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে ব্যাপক ৰূপত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। বিভিন্ন দল-সংগঠনৰ লগতে স্বতঃস্ফূতভাৱে সাব্যস্ত কৰা এই প্ৰতিবাদকাৰীৰ ৰোষত পৰি ত্ৰাহিমধুসূধন দেখিছে মন্ত্ৰী তথা বিজেপি নেতাই।

অগপ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়েও শনিবাৰে মাণিকপুৰত এক অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হয়। প্ৰতিবাদকাৰীৰ ৰোষত পৰা মন্ত্ৰীগৰাকীয়ে দৌৰি আহি কোনোমতে গাড়ীত উঠি সেই ঠাই ত্যাগ কৰিহে ৰক্ষা পৰে।

অগপ নেতাজনক প্ৰতিবাদকাৰীয়ে খেদি পঠোৱাৰ লগতে কেবক লৈ দলটো তথা তেওঁৰ স্থিতিক লৈও প্ৰশ্নৰে থকা-সৰকা কৰিলে। উল্লেখযোগ্য যে, গাড়ীত উঠিবলৈ অহা সময়ত কোনোমতে পিচল খাই পৰাৰ পৰা ৰক্ষা পৰে অগপ মন্ত্ৰীগৰাকী।

অসম আন্দোলনৰ জৰিয়তে ৰাজপাট ভোগ কৰা অগপৰ মন্ত্ৰী, নেতাৰ লগতে বিজেপি নেতাসকলেও শনিবাৰৰ দিনা কেব বিৰোধী প্ৰতিবাদকাৰীৰ সন্মুখত উত্তৰহীন হৈ পৰা দেখা পোৱা গ'ল। দুলিয়াজান নাহৰকটীয়াৰ আছুৱে কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে সেই পথৰে গৈছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী।

জয়পুৰৰ এখন সভাত অংশ ল'বলৈ যোৱাত প্ৰতিবাদকাৰীয়ে বাট ভেটি দি ধৰি কেবৰ বিৰুদ্ধে তেওঁৰ সন্মুখতে শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে। আনকি মন্ত্ৰীজনৰ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ ধ্বনিৰে সেই সময়ত আকাশ-বতাহ কঁপাই তুলিছিল প্ৰতিবাদকাৰীয়েসকলে।

কেবৰ বিৰুদ্ধে চলা এই প্ৰতিবাদৰ সন্মুখীন হৈ উত্তৰহীন হৈ পৰা মন্ত্ৰীগৰাকীয়ে হাতযোৰ কৰি কোনো মতে, ৰাইজৰ ৰোষৰ পৰা নিৰাপত্তাৰক্ষীৰ সহায়ত ওলাই যায়। ইফালে, অসম আন্দোলনৰ একালৰ নেতা দিলীপ পাটগিৰীও শনিবাৰৰ দিনা এক অশ্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয় নলবাৰীৰ আছু কাৰ্যালয়ৰ সন্মুখত।

দিলীপ পাটগিৰি যোৱা বাহনখন আগভেটি দি ধৰি বাহনৰ সন্মুখতে পোষ্টাৰ লগাই দিয়ে প্ৰতিবাদকাৰীসকলে। এই পোষ্টাৰত লিখা আছিল 'নিলাজ মন্ত্ৰী অতুল বৰা হায় হায়', 'মই অতুল বৰা, মোৰ নাই মেৰুদণ্ড' আদি।

মন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰতিবাদকাৰীসকলে আগভেটি দি ধৰি অসমীয়া জাতিৰ তেজ নাখাব বুলিও সতৰ্ক কৰি দিয়ে। লগতে তেওঁক প্রশ্ন কৰে- যদি অৰুণাচল, নগালেণ্ড, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেব নালাগে বুলি ক'ব পাৰে। আপোনালোকে কেব নালাগে বুলি কিয় প্ৰতিবাদ কৰিব নোৱাৰে?

সেই সময়ত ৰামেশ্বৰ তেলীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম লওঁতেই জাঙোৰ খাই উঠে প্ৰতিবাদকাৰী। সেইজনৰ নাম নল'বই বুলি উল্লেখ কৰি ৰাইজেই তেওঁক জাতীয় নায়ক পাতিছিল আৰু ৰাইজেই তেওঁক এতিয়া খলনায়ক পাতিছে বুলি প্ৰতিবাদকাৰীসকলে গৰজি উঠে।

ৰামেশ্বৰ তেলীক কেবে যে বিপদ মাতি আনি, জাতীয় জীৱনৰ প্ৰতি ই এক শংকা আৰু প্ৰত্যাহ্বান সেই কথা অনুধাৱন কৰি কেব নালাগে বুলি ক'বলৈও জোৰ দিয়ে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য নকৰাত তেওঁক সাঁহস নাই নেকি বুলিও প্ৰশ্ন কৰে প্ৰতিবাদকাৰীয়ে। তেওঁক লগতে প্ৰতিবাদকাৰীয়ে কয়- আপুনি কিয় দিল্লীক কয় দিব নোৱাৰে, অসমীয়া জাতিয়ে এই কেব নামানে, আমিও নামানো বুলি। আপোনাৰ সেইখিনি সাহস নাই নেকি?

আনহাতে নলবাৰীত দিলীপ পাটগিৰীক গাড়ীৰ পৰা নমাই আছুৰ প্ৰতিবাদকাৰীসকলে মুকলিকৈ প্ৰশ্ন কৰে- কেবৰ তেওঁ সপক্ষে নে বিপক্ষে আছে? বৰ্তমান অগপৰ সভাপতি অতুল বৰাই এই বিধেয়কখনৰ সপক্ষে মত দিয়াৰ বিৰুদ্ধে তেওঁক থকা-সৰকা কৰে প্ৰতিবাদকাৰীসকলে।

কেবৰ বিৰুদ্ধে এইদৰে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী সংগ্ৰাম অব্যাহত আছে। পুনৰ এক অসম আন্দোলনৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। বিশেষকৈ বিজেপি আৰু অগপৰ নেতাসকলৰ বিৰুদ্ধে শনিবাৰৰ দিনা বিভিন্ন স্থানত এই প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল। গণৰোষত পৰা নেতাসকলে কিন্তু প্ৰতিবাদকাৰীসকলৰ কোনো এটা প্ৰশ্নৰে উত্তৰ দিব নোৱাৰিলে।