অসম

বুধবাৰৰ ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাত নাগৰিকত্ব সংশোধনী বিধেয়ক

asomiyapratidin
  • নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা মোডী চৰকাৰৰ।
  • বুধবাৰে এই বিধেয়কখন উত্থাপন কৰাৰ পৰিকল্পনা চৰকাৰৰ।
  • ৰাজ্যসভাৰ বুধবাৰৰ কাৰ্যক্ৰমণিকাটো সন্নিবিষ্ট হৈছে এই কথা।
  • বুধবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব ৰাজ্যসভাৰ কাম-কাজ।
  • ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ শিতানৰ পাছতেই উত্থাপন হ'ব কেবাখনো বিধেয়ক।
  • দিনৰ ১২ বজাৰ পৰা উত্থাপন হ'ব লগা বিধেয়কসমূহৰ ভিতৰত ৯নম্বৰ বিধেয়কখন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • ৰাজনাথ সিঙে উত্থাপন কৰিব এই বিধেয়ক।
  • মুঠ ১০খন বিধেয়ক উত্থাপন কৰিব অন্তিম দিনটোত।
  • ইফালে বিধেয়কখনৰ বিৰোধিতাৰে দিল্লীত বাহৰ পাতি আছে বিভিন্ন দল-সংগঠন।
  • বিধেয়ক বিৰোধী দল-সংগঠনসমূহে বিভিন্ন বিৰোধী ৰাজনৈতিক দলক সাক্ষাৎ কৰি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে।
  • কৃষক নেতা অখিল গগৈ, যুৱ ছাত্ৰ নেতা পলাশ চাংমাইসহ ৭০ সংগঠনৰ প্ৰতিনিধি, সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ সংগঠনৰ প্ৰতিনিধিয়ে বিধেয়কৰ বিৰুদ্ধে সমৰ্থন আদায়ৰ বাবে বাহৰ পাতি আছে দিল্লীত।