অসম

ওদালগুৰিত পৰম্পৰাৰ সমান্তৰালভাৱে ‘কা’ বিৰোধী প্ৰতিবাদ, ৩৩ খন জিলাৰ নামত মেজি সাজি কা’ দাহ কৰিব ৰাইজে

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যত সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আহি পালে বাপতিসাহোন ভোগালী বিহু। জাতিৰ ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি লগে ভাগে এসাজ খোৱাৰ মাজতে ভেলাঘৰৰ বাকৰিতো আইনখনৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰস্তুতি চলিছে বিভিন্ন স্থানত।

ওদালগুৰিত ৩৩ খন জিলাৰ নামত ৩৩ টা মেজি সাজি উলিয়াই 'আমি 'কা' নামানো' শ্লোগানেৰে দাহ কৰা হব আইনখনৰ প্ৰতিকৃতি। ওদালগুৰি জিলাৰ পুৰণি গৰৈবাৰী গাঁৱত দেখা গৈছে এনে দৃশ্য। প্ৰতিবছৰে গাঁওখনৰ ৰাইজে ৰাজহুৱা লক্ষী-নাৰায়ণ নামঘৰত মেজি সাজি উৰুকা নিশা ভোজ ভাত খাই দোমাহিত মেজি প্ৰজ্বলন কৰে।

এইবাৰো নহয় ব্যতিক্ৰম। গাঁওৱাসীয়ে লগ হৈ এইবাৰো লগে ভাগে এসাজ খোৱাৰ প্ৰস্তুতি চলাইছে। কিন্তু ইয়াৰ মাজতো এইসকল ৰাইজে পাহৰি যোৱা নাই জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ ভয়াবহতা। আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত থকাৰ মাজতে এইবাৰ এইসকল লোকে মেজিৰ বাকৰিতো আইনখনৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰস্তুতি চলাইছে।

সেই উদ্দেশ্যৰে গাওঁৱাসীয়ে এইবাৰ সাজি উলিয়াইছে ৰাজ্যৰ ৩৩ খন জিলাৰ নামেৰে ৩৩ টাকৈ মেজি। প্ৰতিখন জিলাৱাসীৰ হৈ এইসকল লোকে সংশোধিত নাগৰিকত্ব আইনখন যে কোনো কাৰণতে মানি লোৱা নহ'ব তাৰেই বাৰ্তা দিব বিছাৰিছে গাঁওৱাসীয়ে। সমান্তৰালভাৱে জয় আই অসম, 'কা' আমি নামানো শ্লোগানেৰে উত্তাল হৈ পৰিল মেজিৰ বাকৰি।

কাইলৈ অৰ্থাৎ বুধবাৰে পুৱা সকলোৱে গা পা ধুই ৩৩ গৰাকী লোকে ৩৩ টা মেজিত এই জাতিধ্বংসী আইনখন দাহ কৰি কোনো কাৰণতে আইনখন মানি লোৱা নহ'ব বুলি সংকল্পবদ্ধ হব বুলি জ্যেষ্ঠ লোকসকলে জানিবলৈ দিয়ে। চৰকাৰখনে এই আইনখনৰ জৰিয়তে চৰকাৰে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি-ঐতিহ্য ধ্বংস কৰিব বিচাৰিছে বুলি এইসকল লোকে উল্লেখ কৰি যিকোনো প্ৰকাৰে আইনখন বাতিলৰ দাবী উত্থাপন কৰে। ওদালগুৰি জিলাৰ পুৰণি গৰৈবাৰী গাঁওৱাসীৰ পৰম্পৰাৰ সমান্তৰালভাৱে প্ৰতিবাদৰ প্ৰস্তুতি ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে।