অসম

মৰঙিত ভোগালী উৎসৱৰ মাজতে ‘কা’ বিৰোধিতা ৰাইজৰ…

asomiyapratidin

ডিজিটেল সংবাদ, দৈগ্ৰোংঃ মৰঙি মৌজাৰ ৩ নং কৈবৰ্ত গাঁৱৰ শাওঁতলীত বৃহস্পতিবাৰে ভোগালী উৎসৱ অনুষ্ঠিত হয়৷ শাওঁতলী ঘাট গাঁৱৰ ৰাইজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভোগালী উৎসৱত বিভিন্ন গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

সন্ধিয়া মূল সভাত সমাজকৰ্মী ইমৰান হুছেইন, মৰঙি পঞ্চায়তৰ সভাপতি অনিল শইকীয়া, সাংবাদিক হেমন্ত শইকীয়া, পৰাগ জ্যোতি শইকীয়াই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে৷ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে মৰঙি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডেভিদ ঠেঙালে৷ সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিশুসকলে দ্বাৰা নাটক, গীত-নৃত্য পৰিবেশন কৰে৷

এই অনুষ্ঠানতে নাগৰিকত্ব সংশোধিত আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কা' বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা ৫ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তী প্ৰজ্বালন কৰে মহেন্দ্ৰ শইকীয়াই৷