অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিশাই ৰাজপথত কটনিয়ান, আছুৰো পৰৱৰ্তী আন্দোলন ঘোষণা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশজুৰি বলৱৎ হ'ল নাগৰিকত্ব সংশোধনী আইন। দল-সংগঠনৰ প্ৰতিবাদ, ৰাইজৰ আহ্বানৰ প্ৰতি পিঠি দি কেন্দ্ৰই ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতে সৰ্বত্ৰে তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

নিশা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইফালে শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব আছুৱে। সংগঠনটোৱে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিব পৰা গৈছে। ইফালে ইতিমধ্যে কা বলৱৎ হোৱাৰ পিছতে নিজ ফেচবুক পেজত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৱে। ফেচবুক পেজত আছুৱে লিখিছে,

অসমৰ খিলঞ্জীয়া ৰাইজে CAA নামানে, নামানে আৰু নামানে ।
আন্দোলন তীব্ৰতৰ হ'ব । জয় আই অসম

উল্লেখ্য যে, শনিবাৰে কটনিয়ানসকলে পালন কৰিব ছাত্ৰ বিদ্ৰোহৰ এমাহ। সেই অনুসৰি পুৱা ১০ বজাৰ পৰা তেওঁলোকে ছাত্ৰ বিদ্ৰোহৰ ১০০০ ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। ৩ বজাত অনুষ্ঠিত হ'ব মুকলি সমাৱেশ। সন্ধিয়াৰ ভাগত জোঁৰ সমদল অনুষ্ঠিত হ'ব।