অসম

আনলৈ দিয়া টকা উলিয়াব নোৱাৰি আত্মহত্যা ব্যৱসায়ীৰ ..

asomiyapratidin

ডিজিটেল সংবাদ দুমুনিচকী: দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীস্থিত এক ব্যৱসায়িক প্ৰতিষ্ঠানত এজন ব্যৱসায়িয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বহু ব্যক্তিৰ পৰা টকা পাবলৈ থকাৰ বাবেই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে ব্যৱসায়ীজনে। জানিব পৰা মতে আত্মহত্যা কৰা এই ব্যৱসায়ী জনৰ নাম সিদ্ধিৰাম ডেকা।

'মাৰুৱাচকী নিবাসী প্ৰয়াত চৰিফ আলীৰ পুত্ৰ চাইদুল ইছলাম আৰু ককায়েকৰ কাৰণেই আজি মই মোৰ দোকানৰ ভিতৰত আত্মহত্যা কৰিলো।' আত্মহত্যা কৰাৰ পূৰ্বে সিদ্ধি ৰাম ডেকা নামৰ এজন ব্যৱসায়ীয়ে এটা টোকাত লিখি থৈ যায় উক্ত কথা। ইয়াৰ উপৰিও তেওঁ লিখি থৈ গৈছে, 'ইছা, মহিদুল, ৱাচিম ৰাজা আৰু কৰুণা বড়োৰ পৰা মই টকা পাবলগীয়া আছো। ইহঁতৰ পৰা মই টকা উলিয়াব নোৱাৰো.. যাৰ বাবে আজি মই মোৰ পকেটৰ টকাৰে সুত ভৰি আছো। একমাত্ৰ ইহঁতৰ কাৰণে মই আত্মহত্যা কৰিলোঁ'।

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বাথান গাঁও নিবাসী সিদ্ধিৰাম ডেকাই আত্মহত্যা কৰাৰ পূৰ্বে এইদৰেই তেওঁ এই চৰম সিদ্ধন্ত লোৱাৰ আঁৰৰ কাৰণ লিখি থৈ য়োৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছিপাঝাৰ থানাৰ আৰক্ষীয়ে আত্মহত্যাৰ বিষয়ে অবগত হোৱাত বিয়লি প্ৰায় তিনি বজাত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।