অসম

বুঢ়াপাহাৰৰ প্ৰকাণ্ড শিল বাগৰি বন্ধ ৰাজপথ..

asomiyapratidin

ডিজিটেল সংবাদ কলিয়াবৰ: মঙ্গলবাৰে নিশা অহা মূষলধাৰ বৰষুণৰ ফলত কলিয়াবৰৰ বুঢ়াপাহাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ পৰা প্ৰকাণ্ড এটা শিল বাগৰি পৰাৰ ফলত মধ্য অসমৰ পৰা উজনি অসমলৈ যোৱা ৰাজপথটোৰ সোঁদিশৰ অংশটি স্তব্ধ হৈ পৰে৷

পাহাৰৰ ৰঙা মাটি আৰু বালিৰে সৈতে প্ৰকাণ্ড শিলটো ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ ফলত সৌভাগ্যবশতঃ কোনো যান-বাহনৰ ক্ষয়-ক্ষতি হোৱা নাই যদিও ঘাইপথটোৰ এটা অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ফলত বুধবাৰে দিনৰ ভাগলৈকে পথটোত যথেষ্ট যান-যতৰ সৃষ্টি হয়৷

অৱশ্যে ঘটনাস্থলীত গড়কাপ্তানি বিভাগৰ বিষয়া- কৰ্মচাৰী উপস্থিত হোৱাৰ পাছতে জেচিবিৰ সহায়ৰে বুধবাৰে দিনৰ প্ৰায় ১০ বজাত শিলটো ৰাজপথৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথটি সম্পূৰ্ণৰূপে মুকলি হয় ৷