অসম

অৱসৰপ্ৰাপ্ত অকলশৰীয়া শিক্ষকৰ ঘৰত ধাৰাবাহিক চোৰৰ লুটপাত…

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাত এজন ব্যক্তিৰ ঘৰত ধাৰাবাহিক সংঘটিত হৈছে চুৰি-ডকাইতি কাণ্ড। বটদ্ৰৱা থানৰ সমীপতে অকলশৰীয়াকৈ বাস কৰা অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম কলিতা(৭৮) ঘৰত যোৱা নিশা পুনৰ চুৰে লুটপাট চলাই। শাৰিৰীক অসুস্থতাৰ হেতু চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ সুযোগ লৈ যোৱা নিশা চুৰে পাছফালৰ দুৱাৰ কৌশলেৰে খুলি লুটপাত চলাই। ইয়াৰ পিছতে পুৱা স্থানীয় এজন ব্যক্তিয়ে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ঘৰত চুৰি কাণ্ড সংঘটিত কৰা এটা চোৰক হাতে লুটে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, কেইদিনমান পূৰ্বে এই গৰাকী বৃদ্ধক ডকাইতৰ দলে নিৰ্যাতন চলাই বান্ধি লুটপাত কৰিছিল।